Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

Table of Content

যোৰহাট চহৰৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে আৰক্ষীয়ে জালত পেলালে আন এজন মূল অভিযুক্তক। বৃহস্পতিবাৰে যোৰহাট সদৰ আৰক্ষী থানাৰ এটা দলে মিলন নগৰৰ পৰা আটক কৰে ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা মচৰহাট নিবাসী অংকিত দাস নামৰ যুৱকজনক। এই গ্ৰেপ্তাৰৰ লগে লগে চাঞ্চল্যকৰ ঘটনাটোত আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ সংখ্যা ৪জনলৈ বৃদ্ধি পায়।

বাতৰি অনুসৰি, যোৰহাটৰ দহবৰা চুকৰ ‘গৌৰী এনক্লেভ’ নামৰ এপাৰ্টমেণ্টটোৰ বি-২ নম্বৰ ফ্লেটত যোৱা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা এক ড্ৰাগছ পাৰ্টীৰ আয়োজন কৰা হৈছিল। মূল অভিযুক্ত আৰিয়ান গোস্বামীৰ মাতৃ ঝৰ্ণা গোস্বামীৰ নামত থকা এই ফ্লেটটোত মাতৃৰ অনুপস্থিতিত এনে নিচাযুক্ত আড্ডা চলিছিল বুলি তদন্তত পোহৰলৈ আহিছে। উক্ত পাৰ্টীত উপস্থিত থকা যুৱতীগৰাকীৰ পাছত ৰহস্যজনকভাৱে মৃত্যু ঘটে।

ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে মঙলবাৰে প্ৰথমে দুগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰাৰ পাছত মূল অভিযুক্ত আৰিয়ান গোস্বামীক আটক কৰে। বুধবাৰে আদালতে আৰিয়ানসহ তিনিওজনকে তিনিদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে সংবাদ মাধ্যমৰ সন্মুখত ধৃত দুই যুৱতীয়ে অভিযোগ উত্থাপন কৰা মতে, মৃত যুৱতীগৰাকীক অংকিত দাসে ড্ৰাগছ যোগান ধৰিছিল। আনহাতে, আৰিয়ান গোস্বামীয়ে দাবী কৰে যে অত্যাধিক মাত্ৰাত ড্ৰাগছ সেৱন কৰাৰ ফলতেই যুৱতীগৰাকীৰ মৃত্যু হৈছিল আৰু তেওঁলোকে নিমখ খুৱাই যুৱতীগৰাকীক বচাবলৈ চেষ্টা চলাইছিল।

আৰক্ষীয়ে ইতিমধ্যে আৰিয়ানৰ মাতৃ ঝৰ্ণা গোস্বামী আৰু খুশী দাস নামৰ আন এগৰাকী যুৱতীকো জেৰা চলাই জাননী জাৰি কৰিছে। অভিযুক্তসকলে কৰা বিভিন্ন দাবী আৰু যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে এতিয়া অংকিত দাসক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us