অব্যাহত বান-ভূমিস্খলনৰ সংহাৰ; অৰুণাচলত পুনৰ ধ্বস, ব্যাহত সীমান্তমুখী ৰাষ্ট্ৰীয় ঘাইপথ
অৰুণাচল প্ৰদেশত এতিয়াও ঘূৰি অহা নাই স্বস্তি। অব্যাহত বৰষুণৰ মাজতে এইবাৰ পুনৰ ভূমিস্খলনে জোকাৰি গ’ল পশ্চিম কামেং জিলা। ধ্বংসৰ ফলত ব্যাহত হৈছে সীমান্ত সংযোগী গুৰুত্বপূৰ্ণ বালিপাৰা-চাৰদুৱাৰ-তাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত, আনহাতে আগন্তুক কেইদিনো ৰাজ্যখনত প্ৰবল বৰষুণ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অবিৰত বৰষুণৰ ফলত পাহাৰৰ ঢাল পানীৰে সংপৃক্ত হৈ পৰাত পশ্চিম কামেং জিলাৰ...








