নলবাৰীৰ খন্তেশ্বৰী খাটনিয়াৰক ব্ৰহ্মপুত্ৰৰ পৰা জীৱন্তে উদ্ধাৰ এনডিআৰএফৰ
এক শ্বাসৰুদ্ধকৰ অভিযানেৰে ব্ৰহ্মপুত্ৰৰ উত্তাল জলৰাশিত উটি যোৱা এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (এনডিআৰএফ) জোৱান। ‘গেটৱে’ অৱ গুৱাহাটী’ৰ সমীপত ফেৰীৰ পৰা হঠাতে নদীৰ গভীৰ পানীত পৰি যোৱা ৫৭ বছৰীয়া মহিলাগৰাকীক প্ৰায় ২.৫ কিলোমিটাৰ নামনিত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাহিনীটো। বুধবাৰে পুৱা প্ৰায় ১১:০৫ বজাত ফেৰীৰ পৰা এগৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ...








