ৰথ যাত্ৰাৰ পূৰ্বে জগন্নাথ মহাপ্ৰভুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন চিকিৎসকৰ; ১৫ দিনীয়া ‘অনৱসৰ’ৰ অন্তত সুস্থ ঘোষণা
শতাব্দীপ্ৰাচীন এক ধৰ্মীয় পৰম্পৰাই এইবাৰো দৃষ্টি আকৰ্ষণ কৰিছে দেশজুৰি। উত্তৰ প্ৰদেশৰ জৌনপুৰস্থিত ৰাস মণ্ডল জগন্নাথ মন্দিৰত ১৫ দিনীয়া ‘অনৱসৰ’ পৰ্ব সামৰি ভগৱান জগন্নাথৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে এদল জ্যেষ্ঠ চিকিৎসকে। পৰীক্ষাৰ অন্তত চিকিৎসকসকলে জনায় যে, ভগৱান জগন্নাথ সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ইয়াৰ পিছতেই আৰম্ভ হৈছে ৰথযাত্ৰাৰ চূড়ান্ত প্ৰস্তুতি। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, স্নান পূৰ্ণিমাৰ দিনা...








