Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

বানত উটি যোৱা ৫৩ বছৰীয়া হাতী জয়মতীক বিমানেৰে বন্তাৰালৈ স্থানান্তৰ, ভাৰতত প্ৰথমবাৰৰ বাবে হাতীৰ চিকিৎসা-বিমান স্থানান্তৰ

জুলাই মাহত নাগালেণ্ড আৰু অসমৰ বানৰ পৰা উদ্ধাৰ হোৱা ৫৩ বছৰীয়া মাইকী হাতী জয়মতীক একাধিক আঘাত আৰু দীৰ্ঘদিনীয়া চলা-ফুৰাৰ সমস্যাৰ বাবে বিশেষ পশু চিকিৎসাৰ বাবে জামনগৰৰ বন্তাৰালৈ বিমানেৰে লৈ যোৱা হৈছে। জুলাইৰ দ্বিতীয় সপ্তাহত নাগালেণ্ডত বানপানীত উটি গৈছিল জয়মতী। পিছত স্থানীয় লোক আৰু চৰকাৰী সংস্থাৰ সহায়ত হাতীটো উদ্ধাৰ কৰা হয়। হাতীটোৱে শৰীৰৰ কেইবাটাও অংশত আঘাত...

সাংস্কৃতিক অনুষ্ঠান উপভোগৰ সময়তে মহতিয়াই নিলে নিয়ন্ত্ৰণহীন বাছে! নিহত ৫, আহত বহুতো

উৎসৱমুখৰ পৰিৱেশৰ মাজতে হঠাৎ নামি অহা এক শোকাৱহ দুৰ্ঘটনাই কঁপাই তুলিলে বিহাৰৰ পশ্চিম চম্পাৰণ জিলা। পথৰ কাষত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকা দৰ্শকৰ মাজত নিয়ন্ত্ৰণ হেৰুওৱা এখন বাছ সোমাই পৰাৰ ফলত কমেও পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হয়। জিলাখনৰ লৌৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত পৰৌ তোলাৰ লৌৰিয়া পথত শুকুৰবাৰে...

ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা; কামৰূপত বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক

গোপন সূত্ৰৰ পম খেদি চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল কামৰূপ জিলা আৰক্ষী। জিলাখনৰ নগৰবেৰা থানাৰ অন্তৰ্গত কল্যাণপুৰত শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে চলোৱা এক অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ চাৰিজন কুখ্যাত সৰবৰাহকাৰীক হাতে-লোটে আটক কৰে। বকো-ছয়গাঁও সংমণ্ডলৰ সহকাৰী আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ এক গোপন তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয়। সেই...

অসমৰ বান আৰু প্ৰকৃতিৰ সংকট সমাধানৰ বাবে ব্যাপক বৈজ্ঞানিক পদক্ষেপৰ দাবীঃ বিশেষ কনভেনচনৰ আহ্বান নাগৰিক সন্মিলনৰ

জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে সমগ্ৰ নদী আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰক লৈ এক সৰ্বাংগীন তথা বৈজ্ঞানিক পদক্ষেপ গ্ৰহণৰ দাবী তুলি শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে নাগৰিক সমাজে। সংগঠনটোৰ তৰফৰ...

নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ’ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক তথা পৰ্যটন বাহনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নকৰালৈকে এই সিদ্ধান্ত বাহাল থাকিব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিয়ে শ্ৰমিক সংগঠনটোৱে। সংগঠনটোৰ সাধাৰণ...

শ্বিলঙত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপৰ মাজতো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ! ই-বাছৰ চালক-পৰিচালকক নগদ ধনসহ বিশেষ সম্বৰ্ধনা

উত্তপ্ত পৰিস্থিতি আৰু আক্ৰমণৰ মুখামুখি হৈও অসীম সাহস আৰু উপস্থিত বুদ্ধিৰে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে এখন চৰকাৰী বাছৰ চালক আৰু পৰিচালকে। শ্বিলং চহৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপকাৰী দুৰ্বৃত্তৰ পৰা যাত্ৰীসকলক অক্ষত অৱস্থাত উদ্ধাৰ কৰা এই নিদৰ্শনমূলক কাৰ্যৰ বাবে ‘কা বচ জং ঙী’ (এমএল ০৫ এএইচ ৫০৪৫) নামৰ বৈদ্যুতিক বাছখনৰ চালক ফুলমুনৱেল...

দক্ষিণ-পশ্চিম গুৱাহাটীৰ খোৱাপানী প্ৰকল্পৰ বাধা দূৰ কৰিবলৈ যুটীয়া বৈঠকৰ নিৰ্দেশ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী জল ব’ৰ্ডে ৰূপায়ণ কৰি থকা উত্তৰ গুৱাহাটী আৰু দক্ষিণ-পশ্চিম গুৱাহাটী খোৱাপানী প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয় আৰু সময়মতে সম্পূৰ্ণ কৰাত প্ৰভাৱ পেলোৱা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনা কৰে। উত্তৰ গুৱাহাটী খোৱাপানী প্ৰকল্পত পুৱাৰ ভাগত কৰা পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বিষয়াসকলৰ সৈতে প্ৰকল্পৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে।...

অসমত ৯.৪ কেজি WY টেবলেট সহ ২৭ কোটিৰ মাদক দ্ৰব্য জব্দ

অসম আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে ৰাজ্যজুৰি পৃথক অভিযান চলাই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে, যাৰ ফলত কেইবাজনো সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু মাদক দ্ৰব্য জব্দ কৰা হৈছে। খাৰুৱাবান্ধা আৰক্ষীয়ে হাটশিঙিমাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই নুৰুল আচিদ নামৰ এজন সন্দেহযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে তেওঁৰ পৰা ১৬১ টা সন্দেহযুক্ত নিচাযুক্ত টেবলেট আৰু এটা...

অসমত বাল্যবিবাহৰ বিৰুদ্ধে অধিক তীব্ৰতৰ অভিযান; ৫ বছৰত ১১,১৯৬ গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ

​অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্যবিবাহ নামৰ সামাজিক ব্যাধিটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে চলোৱা অভিযান অব্যাহত ৰাখিছে। এই বিশেষ অভিযানৰ অধীনত বিগত ৫ বছৰৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১১,১৯৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্যবিবাহৰ সৈতে জড়িত স্বামী, অভিভাবক, আৰু অবৈধ বিবাহ সমাপন কৰোৱা ধৰ্মীয় গুৰু (কাজী/পুৰোহিত)সকলক আটক কৰি আইনগত ব্যৱস্থা...

ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা নিৰীহ শিক্ষাৰ্থীসকলৰ ওপৰত চৰকাৰে চলোৱা বৰ্বৰ দমন-পীড়নক সমালোচনা কৰি খাৰ্গেয়ে শাসকীয় পক্ষৰ ৰাষ্ট্ৰবাদী স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে। সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰি...
1 … 26 27 28 29 30 … 48

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us