Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

নেপালৰ প্ৰলয়ংকাৰী বানত ৬১৬ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা! সন্ধানহীন প্ৰায় দুই সহস্ৰাধিক লোক

প্ৰকৃতিৰ সংহাৰী ৰূপে স্তব্ধ কৰি পেলাইছে পাহাৰীয়া ৰাষ্ট্ৰ নেপালৰ স্বাভাৱিক জীৱন-যাত্ৰা। দেশখনৰ ৰচুৱাকে ধৰি মধ্যভাগত বুধবাৰে সংঘটিত আকস্মিক বানত প্ৰাণহানিৰ সংখ্যা শনিবাৰে ৬১৬ জনলৈ বৃদ্ধি পায়। দেশখনৰ আৰক্ষীৰ তথ্য অনুসৰি এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ১,৯২৪ গৰাকী লোক। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আঠখন জিলাৰ পৰা উদ্ধাৰ কৰে এই মৃতদেহসমূহ। চিতৱান জিলাতেই সৰ্বাধিক ২৩৩টা মৃতদেহ পোৱাৰ...

ৰক্ষা বন্ধনত ভাতৃক বিশেষ উপহাৰ ভগ্নীৰ; বৃক্ক দান কৰি ভাতৃক দিলে পুনৰ্জীৱন

পবিত্ৰ ৰাখীবন্ধনৰ প্ৰাকক্ষণত দেখা গ’ল ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এক অনন্য তথা হৃদয়স্পৰ্শী নিদৰ্শন। ডায়েলাইচিছৰ যন্ত্ৰণাত ছটফটাই থকা ভাতৃৰ কষ্ট সহ্য কৰিব নোৱাৰি নিজৰ এটা বৃক্ক দান কৰি ভাতৃক দিলে এক নতুন জীৱন। গুৰুতৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৪০ বছৰীয়া জিতেন্দ্ৰ সিং নামৰ যুৱকজন। তেনে সময়তে তেওঁৰ ৪৫ বছৰীয়া ভগ্নী বীণা কুমাৰী গাংৱাৰে নিজৰ...

কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পেনেলত ড০ বৰ্ণালী ডেকা; অসমৰ প্ৰথমগৰাকী মহিলা আইএএছ হিচাপে নতুন অভিলেখ

প্ৰশাসনীয় সেৱাৰ ইতিহাসত অসমৰ বাবে সংযোজন হ’ল আন এক গৌৰৱোজ্জ্বল অধ্যায়। কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইএএছ বিষয়া হিচাপে পৰিগণিত হৈছে ড০ বৰ্ণালী ডেকা। বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰীয় ডেপুটেশ্যনলৈ যোৱাৰ পূৰ্বে তেওঁ অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত তথা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসম প্ৰশাসনীয় ব্যৱস্থাত সুদীৰ্ঘ...

কৃত্ৰিম বানে বুৰালে ৰাষ্ট্ৰীয় ঘাইপথ! যোৰাবাটত স্তব্ধ যান-বাহন, নতুন পথ নিৰ্দেশনা প্ৰশাসনৰ

এজাক মুষলধাৰ বৰষুণে পুনৰ মহাসাগৰত পৰিণত কৰিলে ‘স্মাৰ্ট চিটী’ গুৱাহাটী মহানগৰী! পুৱাৰ পৰা হোৱা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হৈছে গুৰুতৰ কৃটিম বানৰ। প্ৰবল বৰষুণৰ বাবে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ন মাইল, দহ মাইল আৰু যোৰাবাট অঞ্চলত পানী জমা হৈ পৰাত পথছোৱাৰ দুয়োদিশতে যান-বাহন চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে তৎপৰতাৰে...

‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চলোৱা ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথা অজ্ঞাত তথ্য পোহৰলৈ আনিছে ভাৰতৰ প্ৰাক্তন চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল অনিল চৌহানে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ সদৰী কৰে যে চাৰগোধাত ভাৰতীয় বায়ুসেনাই আক্ৰমণৰ চূড়ান্ত প্ৰস্তুতি চলাই থকাৰ সময়তে পাকিস্তানে পুৱা প্ৰায় ১০ বজাত ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল।...

নেপালৰ মহাপ্ৰলয়! মান সৰোবৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মুম্বাইৰ চিকিৎসক দম্পতী

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ আৰু বিধ্বংসী বানে ধাহিমূহি লৈ গৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বহু পাহাৰীয়া চহৰ তথা জনপদ। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বান আৰু ভূমিস্খলনৰ বাবে দেশখনত এতিয়ালৈকে ৪৬৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে চাৰি হাজাৰৰো অধিক লোক। তেনে সংকটজনক পৰিস্থিতিৰ মাজতে কৈলাস মানসৰোবৰ যাত্ৰালৈ যোৱা ভাৰতৰ বহুসংখ্যক তীৰ্থযাত্ৰী আৱদ্ধ হৈ...

দিনদুপৰতে জিমৰ সন্মুখত গুলীয়াই হত্যা হৰিয়ানী কণ্ঠশিল্পীক! ১৮ জাঁই গুলীৰে আক্ৰমণ

প্ৰাণৰ নিৰাপত্তাহীনতাই পুনৰ সৃষ্টি কৰিছে চৰম আতংক। দিনদুপৰতে এজন জনপ্ৰিয় হৰিয়ানী কণ্ঠশিল্পীক গুলীয়াই নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ চামোলী জিলাৰ আৰ্যপুৰী-নলপত্ৰী এলেকাৰ এটা জিমৰ বাহিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ বাহনৰ ভিতৰত বহি থকা অৱস্থাত কণ্ঠশিল্পীগৰাকীক লক্ষ্য কৰি মটৰচাইকেলত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়।...

আৰএছএছৰ পদযাত্ৰাত অংশ লৈ নিলম্বিত কৰ্ণাটকৰ দুজন চৰকাৰী শিক্ষক

চৰকাৰী কৰ্মচাৰীৰ আচৰণ বিধি উলংঘা কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যসূচীত অংশ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে কৰ্ণাটকৰ দুজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকক। নিলম্বিত শিক্ষক দুজনক কুপ্পিৰ চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আন্না চাহেব দেশমুখ আৰু হুনচাগিৰ চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ গুৰুৰাজ যোশী বুলি চিনাক্ত কৰা হৈছে। যোৱা বৰ্ষৰ অক্টোবৰ মাহত হুনচাগি আৰু বিজয়াপুৰা জিলাৰ তালিকোটত অনুষ্ঠিত...

মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ! সৰৱ ছাত্ৰ সন্থা

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যতে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন-ধাৰণ অতিশয় জটিল কৰি তুলিছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ প্ৰয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত দামবৃদ্ধিক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাজ্যৰ বজাৰসমূহত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে অপাৰগ হৈ পৰা বুলি তেওঁ পোনপটীয়াকৈ অভিযোগ...

বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত চামিল হোৱাৰ চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ বিশেষ নেটৱৰ্ক আৰু প্ৰচাৰ তন্ত্ৰৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এনে...
1 5 6 7 8 9 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us