Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানত সন্ধানহীন ইশা ফাউণ্ডেচনৰ ৮০ জনীয়া দল! সদগুৰুৰ উদ্বেগ প্ৰকাশ

Table of Content

নেপাল আৰু তিব্বত সীমান্তত সৃষ্টি হোৱা প্ৰলয়ংকৰী আকস্মিক বানৰ পিছতে সন্ধানহীন হৈ আছে ইশা ফাউণ্ডেচনৰ এটা ৮০ জনীয়া দল। আধ্যাত্মিক গুৰু তথা ইশা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু জগ্গী বাসুদেৱে সমগ্ৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তিব্বতৰ ছাগাত উপস্থিত থকা সদগুৰুৱে ব্যক্ত কৰা অনুসৰি, সীমান্ত অঞ্চলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ লগতে পথ বন্ধ হৈ পৰাত দুৰ্যোগস্থলীৰ সৈতে কোনো ধৰণৰ আনুষ্ঠানিক সংযোগ স্থাপন সম্ভৱ হোৱা নাই।

আৱদ্ধ হৈ পৰা দলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২২ জন, কানাডাৰ ১২ জন, অষ্ট্ৰেলিয়াৰ ১১ জন, যুক্তৰাজ্যৰ ৯ জন, জাৰ্মানীৰ ৪ জন, ফ্ৰান্সৰ ৩ জন, নেপালৰ ৩ জনকৈ সদস্য আছে। ইয়াৰ উপৰি নেদাৰলেণ্ড, নিউজিলেণ্ড, ছিংগাপুৰ আৰু স্পেইনৰ পৰা দুজনকৈ তথা ফিনলেণ্ড, হাংগেৰী, ইজৰাইল, লিথুৱানিয়া, ফিলিপাইনছ, পৰ্তুগাল, ৰাছিয়া আৰু দক্ষিণ আফ্ৰিকাৰ এজনকৈ সদস্যসহ মুঠ ৩৪ গৰাকী পুৰুষ আৰু ৪৬ গৰাকী মহিলা এই দলটোত অন্তৰ্ভুক্ত হৈ আছে। দলটোৰ সৈতে তিনিজন স্বেচ্ছাসেৱক আৰু এজন চিকিৎসকো আছিল।

সদগুৰুৱে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা ৯:০৫ বজাত দলৰ মুৰব্বী প্ৰবীণে তেওঁলোক ইমিগ্ৰেচন কাৰ্যালয়ত উপস্থিত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু পুৱা ৯:১৪ বজাত হোৱা প্ৰচণ্ড দুৰ্যোগৰ পিছৰে পৰা তেওঁলোকৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ঘটনাৰ সময়ত সমগ্ৰ দলটো ইমিগ্ৰেচন ভৱনটোতে উপস্থিত আছিল আৰু সেই সম্পূৰ্ণ ভৱনটোকে বানে উটুৱাই লৈ যায় বুলি তেওঁ প্ৰকাশ কৰে। সমগ্ৰ ঘটনাক লৈ ভাৰত আৰু নেপালত থকা সংশ্লিষ্ট দেশসমূহৰ দূতাবাসক ইতিমধ্যে অৱগত কৰা হৈছে।

তিব্বত সীমান্তত প্ৰায় ১,৫০০ৰো অধিক লোক এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে সদগুৰুৱে। উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ আৰু সন্ধানহীনসকলৰ পৰিয়ালক সহযোগিতা আগবঢ়াবলৈ সদগুৰুৱে তেওঁ আৰু স্বেচ্ছাসেৱকৰ এটা সৰু দলক ক্ষতিগ্ৰস্ত জিৰং অঞ্চললৈ যাবলৈ অনুমতি দিবৰ বাবে ভাৰত, চীন আৰু আমেৰিকাৰ দূতাবাসৰ জৰিয়তে প্ৰশাসনক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us