Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পুলৱামাত আৰক্ষী-সেনাৰ যৌথ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ দুই সন্ত্ৰাসবাদী সহযোগী গ্ৰেপ্তাৰ

Table of Content

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে চলোৱা এক যৌথ অভিযানত মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ধৰা পৰিল দুজন সন্ত্ৰাসবাদী সহযোগী। জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট, সেনাৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ ১৮৩ বেটেলিয়নে ৰাজপোৰাৰ চিবি নাথৰ য়াৰৱান বনাঞ্চলত এই অভিযান চলায়।

চোৰাংচোৱাৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ২৪ আৰু ২৫ আগষ্টৰ নিশা অঞ্চলটো ঘেৰি তালাচী চলায় নিৰাপত্তাৰক্ষীৰ যৌথ দলটোৱে। বনাঞ্চলৰ ফালৰ পৰা চিবি নাথ গাঁৱলৈ সন্দেহজনকভাৱে আগবাঢ়ি অহা দুয়োজন লোকক প্ৰত্যক্ষ কৰাৰ লগে লগে জোৱানসকলে আটক কৰে। ধৃত ব্যক্তি দুজনক লাচ্চি ডাবনৰ বাসিন্দা লতিফ আহমেদ দীদাদ আৰু বুন খা বামনুৰ বাসিন্দা এয়াজ আহমেদ বাজাদ বুলি চিনাক্ত কৰা হৈছে।

তালাচীৰ সময়ত তেওঁলোকৰ জিম্মাৰ পৰা এটা পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী আৰু এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত ৰাজপোৰা আৰক্ষী থানাত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু অস্ত্ৰ আইনৰ বিভিন্ন ধাৰাত ১১৮/২০২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ উৎস আৰু ধৃত লোক দুজনৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ সম্পৰ্ক সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, সমগ্ৰ কাশ্মীৰ উপত্যকা জুৰি নিৰাপত্তাৰক্ষীৰ তীব্ৰ সতৰ্কতাৰ মাজতে যোৱা নিশাও চোঁপোৰৰ এটা পৰিত্যক্ত ঘৰৰ পৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছিল। একেদৰে চপিয়ান জিলাৰ মোগল ৰোডৰ পদপৱানতো নাকা তালাচীৰ সময়ত দুটা হেণ্ড গ্ৰেনেড আৰু হিজবুল মুজাহিদিনৰ পষ্টাৰসহ আন তিনিজন সন্দেহযুক্ত সহযোগীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us