Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ ভূমিস্খলনত খহি পৰিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়! কথমপি প্ৰাণৰক্ষা বহু লোকৰ

Table of Content

নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ভূমিস্খলনৰ বাবে নাগালেণ্ডত বৃহস্পতিবাৰে পুৱা সম্পূৰ্ণৰূপে খহি পৰে এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় ভৱন। ৰাজ্যখনৰ ট্যুৱেনচাং জিলাৰ ডাকঘৰ ৱাৰ্ডত অৱস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ভৱনটো ভূমিস্খলনৰ ফলত পুৱাৰ ভাগত ভাগি পৰে। অৱশ্যে পূৰ্বতেই ভৱনটো খালী কৰি দিয়াৰ বাবে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

উল্লেখযোগ্য যে, বিগত ২৩ জুলাইতেই ট্যুৱেনচাঙৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ লিথ্ৰংলা টংপী ৰুটছাই কাৰিকৰী পৰীক্ষণৰ পিছত এই ভৱনটোক বিপদজনক বুলি ঘোষণা কৰিছিল আৰু জৰুৰীভাৱে ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰিছিল। সেই নিৰ্দেশনাৰ আধাৰত ২৪ জুলাইৰ পৰাই কাৰ্যালয়টোৰ সকলো কাম-কাজ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখা হৈছিল। যাৰ ফলত ড্ৰাইভিং লাইচেঞ্চ প্ৰদান, বাহন পঞ্জীয়ন, কৰ সংগ্ৰহ আৰু পাৰ্মিটৰ দৰে সকলোধৰণৰ সেৱা বৰ্তমানো স্থগিত হৈ আছে।

দীৰ্ঘদিনীয়া মৌচুমী বৰষুণে সমগ্ৰ ট্যুৱেনচাং জিলাত বিস্তৰ ক্ষতিসাধন কৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, ১৯ জুলাইৰ পৰা ডিটিঅ’ কাৰ্যালয়ৰ তলৰ অংশত বসবাস কৰা ৪৪ টা পৰিয়ালসহ মুঠ ৪৯ টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। অঞ্চলটোত দৈনিক প্ৰায় ৬ ৰ পৰা ৮ ইঞ্চি পৰ্যন্ত মাটি তললৈ বহি গৈ থকা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।

অঞ্চলটোত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰি পিডব্লিউডি গৃহ নিৰ্মাণ বিভাগৰ অধীনৰ দুৰ্যোগ সঁহাৰি বাহিনীক ক্ষয়-ক্ষতি নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰশাসনে ট্যুৱেনচাং টাউন হলত আশ্ৰয় শিবিৰ স্থাপন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক জৰুৰী সাহায্য সামগ্ৰী যোগান ধৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us