Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ

Table of Content

সাম্প্ৰতিক সীমা সংঘাত আৰু পথ অৱৰোধৰ ফলত মেঘালয়ত পৰ্যটন উদ্যোগ প্ৰায় ১০০ শতাংশ লোকচানৰ সন্মুখীন হৈছে। মেঘালয় বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই কথা সদৰী কৰে ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী টিমথি ডি চিৰাই। পৰ্যটকৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত স্থানীয় হোটেল, হোমষ্টে’ আৰু ব্যৱসায়ীসকল গভীৰ আৰ্থিক সংকটত পৰা বুলিও তেওঁ প্ৰকাশ কৰে।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ সফল আলোচনাৰ পাছত সমস্যাৰ সমাধান হোৱা বুলি সদৰী কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে। সেয়েহে এতিয়া আন্তঃৰাজ্যিক পথত কোনো ধৰণৰ অৱৰোধ বা বাহন চলাচলত বাধা আৰোপ কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সংঘাতৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ পঞ্জীয়নভুক্ত বাহনসমূহৰ গৰাকীক মেঘালয় চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও বিধানসভাত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিৰাই কয়, “অসমৰ টেক্সি আৰু অন্যান্য বাহন চালকসকলে পূৰ্বৰ দৰেই মেঘালয়লৈ অহা-যোৱা কৰিব পাৰিব লাগে আৰু একেদৰে মেঘালয়ৰ বাহনসমূহকো অসমত বাধাহীনভাৱে চলাচলৰ অনুমতি দিয়া উচিত।” সমস্যাটো সমাধান হোৱাৰ পাছতো পুনৰ কোনো ধৰণৰ বন্ধ বা পথ অৱৰোধে পৰিস্থিতি জটিল কৰি তুলিব পাৰে বুলি সকীয়াই দিয়ে মন্ত্ৰীজনে।

শান্তি বজাই ৰখাৰ আহ্বান জনাই মেঘালয় চৰকাৰে কয় যে বৰ্তমান তেওঁলোকৰ মূল লক্ষ্য হৈছে পৰ্যটকৰ বিশ্বাস পুনৰ ঘূৰাই অনা আৰু দুয়োখন ৰাজ্যৰ মাজত সুচল যাতায়াত ব্যৱস্থা সুনিশ্চিত কৰা।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us