Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

খেলপথাৰত বজ্ৰপাতৰ বিভীষিকা! মেচ চলি থকাৰ মাজতে প্ৰাণ গ’ল যুৱ ফুটবলাৰৰ

Table of Content

খেলৰ উত্তেজনাৰ মাজতে নিমিষতে নামি আহিল মৃত্যুৰ বিভীষিকা! ৰোমাঞ্চকৰ ফুটবল মেচ চলি থকাৰ সময়তে হঠাতে খেলপথাৰত বজ্ৰপাত হোৱাত গাত বজ্ৰাঘাত লাগে এগৰাকী যুৱ ফুটবলাৰৰ। গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও শেষত মৃত্যু ঘটে ২৪ বছৰীয়া ফুটবলাৰ ছাফৱান আৱাইৰ। এই ঘটনাত আন ১২ গৰাকী খেলুৱৈ আৰু ব্যক্তি আহত হয়। থাইলেণ্ডৰ নাৰাথিৱাট প্ৰদেশৰ চান্তিফাপ ষ্টেডিয়ামত আয়োজিত গ’লক কাপ আঞ্চলিক ফুটবল প্ৰতিযোগিতাত সংঘটিত হয় এই শোকাৱহ ঘটনা।

জানিব পৰা মতে, মেচ চলি থকা সময়তে হঠাতে প্ৰবল বৰষুণৰ সৈতে ধুমুহাই আঘাত হানে। প্ৰতিকূল বতৰৰ মাজতো খেল চলি থকাৰ সময়তে খেলপথাৰৰ ওচৰত বজ্ৰপাত হয়। বজ্ৰাঘাতত ছাফৱান আৱাই মাটিত বাগৰি পৰাৰ লগে লগে দৰ্শক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

প্ৰাথমিক চিকিৎসাৰ পিছত ছাফৱান আৱাইক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল কৰি গুৰুতৰ আঘাতৰ ফলত মৃত্যু ঘটে তেওঁৰ। ঘটনাটোত ২২ বছৰীয়া মালয়েছীয় ফুটবলাৰ আলিফ ইজ্জাহান জুলকিফলিকে ধৰি আন ১২ গৰাকী ব্যক্তি দগ্ধ হৈ আহত হয়।

উল্লেখ্য যে, শেহতীয়াকৈ থাই লীগ–৩ দক্ষিণ মণ্ডলৰ ক্লাব এফ চি য়ালাত যোগ দিছিল ছাফৱান আৱাইয়ে। খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ক্লাবটোৱে সামাজিক মাধ্যমত লিখিছে, “আমি আল্লাহৰ, আৰু তেওঁৰ ওচৰলৈয়েই উভতি যাম। আমাৰ নতুন খেলুৱৈ ছাফৱান আৱাইৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ।”

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us