Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

উজনি অসমৰ বান পৰিস্থিতি; বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজৰ দাবীত প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ

Table of Content

উজনি অসমৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজৰ দাবী জনাইছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বানৰ ফলত সৃষ্টি হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰি যোৱা ৩০ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে।

পত্ৰখনত বানৰ ফলত ৰাজহুৱা আন্তঃগাঁথনি, জনজীৱন আৰু জীৱিকাৰ ওপৰত পৰা ব্যাপক ক্ষয়-ক্ষতিৰ সবিশেষ দাঙি ধৰি অসমলৈ বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় গৌৰৱ গগৈয়ে। তেওঁৰ এই দাবীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্তিস্বীকাৰ পত্ৰও লাভ কৰিছে সাংসদগৰাকীয়ে।

বানপীড়িত অঞ্চলসমূহৰ দ্ৰুত পুনৰুদ্ধাৰ আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰসংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে বিশেষ বান সাহায্য আৰু পুনৰসংস্থাপন পেকেজ অনুমোদন কৰিব বুলি আশা প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

ইফালে, শেহতীয়া তথ্য অনুসৰি চলিত বছৰৰ বানত ৰাজ্যত ৯৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। ২৫খন জিলাৰ ১১,৮৪,৯৪৪ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান ৭৬,৮৮৫ জন বানপীড়িত লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বানৰ ফলত ৪,০১১টা বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে।






        

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us