২০২৩ চনৰ মণিপুৰৰ জাতিগত হিংসাক কেন্দ্ৰ কৰি চলি থকা গোচৰসমূহৰ দ্ৰুত বিচাৰৰ প্ৰয়োজনীয়তা বিবেচনা কৰি সোমবাৰে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। চিবিআই আৰু এনআইএৰ তদন্তাধীন গোচৰসমূহৰ বিচাৰৰ বাবে দুখন বিশেষ আদালত গঠনৰ বিষয়টো বিবেচনা কৰিবলৈ মণিপুৰ আৰু অসম চৰকাৰসহ সংশ্লিষ্ট পক্ষসমূহক নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে মণিপুৰৰ জাতিগত হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ তদন্তৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই পৰ্যালোচনাৰ সময়তে ইতিমধ্যে অভিযোগনামা দাখিল কৰা গোচৰসমূহৰ সম্পূৰ্ণ তথ্য প্ৰস্তুত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে বিচাৰপীঠে।
উল্লেখ্য যে, অভিযোগনামা দাখিল কৰা গোচৰসমূহৰ তথ্য সংগ্ৰহৰ উদ্দেশ্য হৈছে ভুক্তভোগী, তেওঁলোকৰ পৰিয়াল আৰু আইনী পৰামৰ্শদাতাসকলে সংশ্লিষ্ট নথি-পত্ৰ পৰীক্ষা কৰাৰ সুযোগ লাভ কৰা। মণিপুৰৰ ২০২৩ চনৰ জাতিগত হিংসাৰ সৈতে জড়িত চিবিআই আৰু এনআইএৰ গোচৰসমূহৰ ক্ষেত্ৰতো এই নিৰ্দেশ প্ৰযোজ্য হ’ব।








