Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ৰয়েল গ্ল’বেলৰ সমাৱৰ্তনত পাঁচ বিশিষ্ট ব্যক্তিলৈ ‘অনাৰিছ কজা’ ডিগ্ৰী: ২৯ অক্টোবৰত প্ৰাক্তন ছাত্ৰ সন্মিলন

Table of Content

গুৱাহাটীৰ আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ (RGU) ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সভাপতিত্ব কৰিব অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

এই সমাৱৰ্তনত নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পাঁচগৰাকী ব্যক্তিক সন্মানীয় ‘অনাৰিছ কজা’ (Honoris Causa) ডিগ্ৰী প্ৰদান কৰা হ’ব। নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ তথা পদ্মভূষণ বিজয়ী ড° অশোক ছেঠক ‘ডক্টৰ অফ চাইন্স’ (D.Sc.) ডিগ্ৰী প্ৰদান কৰা হ’ব।

একেদৰে, ৰাজ্যসভাৰ সাংসদ, বিশিষ্ট লেখিকা তথা সমাজকৰ্মী সুধা মূৰ্তিক ‘ডক্টৰ অফ লেটাৰ্ছ’ (D.Litt.) ডিগ্ৰী প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সজ্জন জিন্দাল, অসমৰ এডভোকেট জেনেৰেল তথা বি চি চি আইৰ (BCCI) সচিব দেৱজিৎ লন শইকীয়া আৰু বিশিষ্ট ইতিহাসবিদ উইলিয়াম ডেলৰিম্পলক সন্মানীয় D.Litt. ডিগ্ৰী প্ৰদান কৰা হ’ব।

বিশ্ববিদ্যালয়খনৰ এই ষষ্ঠ সমাৱৰ্তনৰ মূল বিষয়বস্তু (Theme) হৈছে “মিজোৰাম”। উত্তৰ-পূবৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ লক্ষ্যৰে এই থিম নিৰ্বাচন কৰা হৈছে। সমাৱৰ্তনৰ সাংস্কৃতিক আৰু দৃশ্যমান উপাদানসমূহত ইয়াৰ প্ৰতিফলন ঘটিব। ২৯ অক্টোবৰত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন (Alumni Meet) অনুষ্ঠিত হ’ব।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us