/ Oct 08, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰাক্তন ন্যায়াধীশসকলৰ ৰোষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

Table of Content

নিৰ্বাচন আয়োগক মুকলিকৈ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰে প্ৰাক্তন ন্যায়াধীশৰ ৰোষত পৰিল ন্যায়াধীশ উজ্জ্বল ভূঞা। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সোমবাৰে ন্যায়াধীশ ভূঞাই কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বিষয় এটাক লৈ এজন কাৰ্যৰত ন্যায়াধীশে ৰাজহুৱা মন্তব্য আগবঢ়োৱাটো ন্যায়িক শিষ্টাচাৰৰ পৰিপন্থী। ভোটদাতা তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ সৰ্বোচ্চ আদালতত শুনানি চলি থকাৰ মাজতে ন্যায়াধীশ ভূঞাই ৰাজহুৱা মঞ্চত প্ৰকাশ কৰা অভিমতক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সংবাদ সংস্থা পিটিআইৰ আগত প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইয়ে কয়, “আদালতত বিবেচনাধীন হৈ থকা কোনো বিষয়ত এনেদৰে মন্তব্য কৰাৰ অনুমতি ন্যায়িক মৰ্যাদাই নিদিয়ে।” একেদৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ এন ধিংৰা আৰু আৰ এছ সোধিয়েও ন্যায়াধীশ ভূঞাৰ স্থিতিক লৈ প্ৰশ্ন তোলে।

ন্যায়াধীশ ধিংৰাই মন্তব্য কৰে যে কাৰ্যৰত ন্যায়াধীশ হিচাপে এনে মন্তব্য দিয়াৰ পূৰ্বে তেওঁ এহেজাৰ বাৰ ভবা উচিত আছিল, কিয়নো সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তথ্য নজনাকৈয়ে তেওঁ নিজৰ সীমা চেৰাই গৈছে। আনহাতে ন্যায়াধীশ আৰ এছ সোধিয়ে কয় যে ভোটাধিকাৰ আইনগত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আৰু ন্যায়িক স্থানত থাকি এনে উগ্ৰ ৰাজহুৱা মন্তব্য কৰাটো কোনো পৰিপক্ক দৃষ্টিভংগী নহয়।

উল্লেখ্য যে, দেওবাৰে নালছাৰ আইন বিশ্ববিদ্যালয়ত অনুষ্ঠিত ১৯ সংখ্যক ন্যায়াধীশ বোধ ৰাজ চানী মেম’ৰিয়েল মুট ক’ৰ্ট প্ৰতিযোগিতাত ভাষণ প্ৰদান কৰি ন্যায়াধীশ উজ্জ্বল ভূঞাই নিৰ্বাচন আয়োগৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছিল। লাখ লাখ নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজোৱা যিকোনো ব্যৱস্থাই সংবিধানৰ নীতিৰ পৰিপন্থী আৰু স্বেচ্ছাচাৰী বুলি তেওঁ অভিহিত কৰিছিল। সংবিধানৰ অনুচ্ছেদ ৩২৬ আৰু ১৪ উলংঘন কৰি কোনেও এনে কাৰ্য কৰিব নোৱাৰে আৰু কোনো আদালতে ইয়াক সমৰ্থন জনাব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰিছিল। সেই বিতৰ্কিত মন্তব্যৰ পিছতেই এতিয়া দেশৰ প্ৰাক্তন শীৰ্ষ ন্যায়িক ব্যক্তিত্বসকল মুকলিকৈ সৰৱ হৈ পৰিছে ন্যায়াধীশ ভূঞাৰ বিৰুদ্ধে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us