Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাহুল গান্ধীৰ! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য গোচৰত চমন খাৰিজৰ আবেদন নাকচ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ ফলত নামি অহা আইনী মেৰপাকৰ পৰা এইবাৰো ৰেহাই নাপালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে ২০১৯ চনত জাৰি কৰা এখন আদালতৰ চমন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। মেজিষ্ট্ৰেট আদালতৰ নিৰ্দেশনাত কোনো ধৰণৰ আইনবিৰোধী দিশ দেখা পোৱা নাই বুলি স্পষ্ট কৰি দি কংগ্ৰেছ নেতাগৰাকীৰ আবেদন...

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পৰিৱৰ্তনৰ ইংগিত; পাঠদানৰ সময়সীমা বৃদ্ধি শিক্ষা সংসদৰ

শেহতীয়া প্ৰলয়ংকাৰী বান আৰু লোকপিয়লৰ কাম-কাজৰ ফলত গভীৰভাৱে ব্যাহত হৈছে ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীত সালসলনি ঘটোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদ। ইয়াৰ অংশ হিচাপে দুয়োটা শ্ৰেণীৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে নিয়মীয়া পাঠদানৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ...

নৱৰাত্ৰিৰ গৰ্বা-ডাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ ভি এইচ পিৰ! কপালত থাকিব লাগিব তিলক

আসন্ন নৱৰাত্ৰি উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো মুছলমানে। মহাৰাষ্ট্ৰত এই নিষেধাজ্ঞা আৰোপ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে বিশ্ব হিন্দু পৰিষদে। অহা মাহত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া গৰ্বা আৰু ডাণ্ডিয়া কাৰ্যসূচীত মুছলমান লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰে হিন্দুত্ববাদী সংগঠনটোৱে। অনুষ্ঠানস্থলীত যাতে কোনো অহিন্দু লোকে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে আয়োজকসকললৈ কেতবোৰ নিৰ্দিষ্ট চৰ্ত বান্ধি দিয়ে...

আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ

আনৰ গাফিলতিৰ পৰিণাম ভুগি অকালতে প্ৰাণ হেৰুৱালেও আন কাৰোবাৰ দৃষ্টি হৈ পৃথিৱীখন চোৱাৰ সুযোগ পাব ১৮ বছৰীয়া অৰ্পিতে। দিল্লীৰ সত্য নিকেতনৰ এটা ছাত্ৰাবাস খহি মৃত্যু হোৱা মেধাৱী ছাত্ৰজনৰ চকুৰ কৰ্ণিয়া দান কৰাৰ এক মহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শোকস্তব্ধ পৰিয়ালে। সন্তান হেৰুওৱাৰ অসহ্য বেদনাৰ মাজতো পৰিয়ালটোৰ এই মানৱীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মধ্যপ্ৰদেশৰ দেৱাসৰ বাসিন্দা...

বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পৰিয়ালৰ অজ্ঞাতে এগৰাকী মহিলাক বাংলাদেশলৈ বহিষ্কাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছতেই বাংলাদেশলৈ পুশ্ববেক কৰা বঙালীভাষী মুছলমান মহিলাগৰাকীৰ স্বামীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ হিচাপে নগদ দুই লাখ টকা দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে। নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা মুজাম্মেল হক নামৰ ব্যক্তিজনে দাখিল কৰা এক...

অসমৰ ইক’ টুৰিজিমত নতুন পদক্ষেপ: ডিব্ৰুগড় চহৰৰ পৰা ২০ কিমি দূৰত চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ

বন্যপ্ৰাণী সংৰক্ষণ, গৱেষণা, উদ্ধাৰ আৰু পুনৰ সংস্থাপন কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ৰাজ্যত ইক’ টুৰিজিমক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাত প্ৰায় ৫৩৪ কোটি টকা ব্যয়েৰে এটা অত্যাধুনিক বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অসমে। দেওবাৰে অসমৰ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে...

একক মালিক হিচাপে কৰ্পৰেটৰ সৈতে যুঁজিছো: এন ই ইউ এফ চিৰ যাত্ৰা সন্দৰ্ভত জন আব্ৰাহাম

নতুন ফুটবল ছিজনৰ কাউণ্টডাউন আৰম্ভ হৈছে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ১০ অক্টোবৰত আৰম্ভ হ’ব বুলি নিশ্চিত হৈছে। এই উৎসাহৰ মাজতে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ গৰাকী জন আব্ৰাহামে দেশৰ ক্ৰীড়াৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত বুলি বিশ্বাস কৰা কথাটো সৰৱ হৈ পৰিছে, যিটো ছিজনে ভাৰতে ফুটবল চোৱাৰ ধৰণ সলনি কৰিব পাৰে। শনিবাৰে মুম্বাইত ৰিবকৰ সৈতে...

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিৰ্মীয়মান ছাদ খহি কৰুণ মৃত্যু ৰোগীৰ আত্মীয়ৰ

মাতৃৰ জীৱন ৰক্ষাৰ আশা লৈ চিকিৎসালয়লৈ আহি নিজেই অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী দুৰ্ভগীয়া যুৱকে। মহানগৰীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মীয়মান অংশৰ ছাদ ভাঙি মূৰত পৰাৰ ফলত এগৰাকী ৰোগীৰ আত্মীয়ৰ কৰুণ মৃত্যু ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। মৃত যুৱকজনক ধুবুৰী জিলাৰ গোলকগঞ্জৰ মনোৱাৰ...

গুৱাহাটীত পুনৰ শিহৰণকাৰী হত্যাকাণ্ড! পত্নীক হত্যা কৰি পাষণ্ড স্বামীয়ে ফ্ৰীজত ভৰাই ৰাখিলে ছিন্নমুণ্ড

আন এক লোমহৰ্ষক কাণ্ডই জোকাৰি গ’ল মহানগৰবাসীক। চিনেমাৰ কায়দাত পত্নীক হত্যা কৰি ছিন্নমুণ্ড ক’লা পলিথিনত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ভৰাই থ’লে পাষণ্ড স্বামীয়ে। মহানগৰীৰ বেলতলা অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে দেওবাৰে নিশা দিশপুৰ আৰক্ষী থানাত নিজে উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামী ৰামানুজ গোস্বামীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পত্নীহন্তা ৰামানুজে দিয়া ইটোৰ পিছত সিটো...

মণিপুৰত পুনৰ সশস্ত্ৰ গোটৰ মাজত ভয়ংকৰ গুলীয়াগুলী! আক্ৰমণকাৰীয়ে জ্বলাই দিলে প্ৰাথমিক বিদ্যালয়

আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ কাংপোকপী জিলাত শেহতীয়াকৈ সংঘটিত বন্দুক যুদ্ধত কঁপি উঠিছে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চল। দুই সশস্ত্ৰ গোটৰ মাজত প্ৰায় আধা ঘণ্টাজোৰা প্ৰচণ্ড গুলীয়াগুলীৰ পিছতে অঞ্চলটোৰ এখন প্ৰাথমিক বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। সোমবাৰে পুৱা প্ৰায় ৫ বজাত চালৱা থানাৰ অন্তৰ্গত আই টি পথৰ সমীপৱৰ্তী লহুনজাং গাঁৱত এই সংঘৰ্ষৰ সূচনা হয়। আৰক্ষীৰ তথ্য অনুসৰি,...
1 2 3 4 5 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us