Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

অযোধ্যাৰ ৰাম মন্দিৰৰ চান্দা চুৰি কাণ্ডঃ চম্পত ৰায় আৰু অনিল মিশ্ৰক ক্লীন চিট এছআইটিৰ

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগত গঠিত বিশেষ তদন্তকাৰী দলে নিৰ্দোষ ঘোষণা কৰিলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰক। সোমবাৰে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে এছআইটিৰ এই চূড়ান্ত প্ৰতিবেদন পৰৱৰ্তী পদক্ষেপৰ বাবে ন্যাসৰ হাতত আনুষ্ঠানিকভাৱে তুলি দিয়ে। মন্দিৰৰ চান্দা চুৰিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই যোৱা ২৭...

লোকপিয়ল 2027: 11.64 লাখ পৰিয়ালৰ স্ব-গণনাৰ পিছত অসমত আৰম্ভ গৃহ তালিকাকৰণ পৰ্যায়

লোকপিয়ল 2027 ৰ স্ব-গণনা (SE) পৰ্যায় অসমত সফলতাৰে সম্পূৰ্ণ হৈছে। জাননী দিয়া সময়ছোৱাত, যিটো 16 আগষ্টত শেষ হয়, 11,64,586 পৰিয়ালে স্ব-গণনা সম্পূৰ্ণ কৰে। জিলাৰ ভিতৰত কাছাৰ, শ্ৰীভূমি আৰু কোকৰাঝাৰে শীৰ্ষ তিনিটা স্থান দখল কৰে। লোকপিয়ল পৰিচালনা সঞ্চালকালয়, অসমত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালক বিশ্বজিৎ পেগুৱে স্ব-গণনাৰ সফল সমাপ্তি ঘোষণা কৰে আৰু অসমৰ ৰাইজৰ...

গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ দীক্ষাৰম্ভ

জ্ঞানৰ পোহৰেৰে ভৱিষ্যত  প্ৰজন্মক আলোকিত কৰাৰ সংকল্পৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম (Integrated Teacher Education Programme)ৰ আজি   দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়।  এই উপলক্ষে  শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা পূৰৱী বৈশ্যৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মুখ্য অতিথিৰূপে উপস্থিত থাকি সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম  উদ্বোধন কৰে।...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক দেওবাৰে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত আব্দুল মুতালেবক দেওবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছতে ন্যায়ালয়ে এই জিম্মা মঞ্জুৰ কৰে। মুখ্যমন্ত্ৰীক হত্যা কৰাৰ বাবে ১ কোটি টকা...

পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বৌদ্ধিক নক্সাল’ বিষয়ক মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘বৌদ্ধিক নক্সাল’ বুলি অভিহিত কৰাৰ পিছতে নিজকে এগৰাকী গৌৰৱাম্বিত ‘বৌদ্ধিক নক্সাল’ বুলি মন্তব্য কৰিছিল প্ৰাক্তন গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে। ইয়াৰ পিছতে এই প্ৰসংগ টানি দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত চিদাম্বৰক আক্ৰমণৰ লক্ষ্য কৰি...

নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ

ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিষয়টোত হস্তক্ষেপৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পত্ৰযোগে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকৰ দাবী শুনিবলৈ আহ্বান জনায় ৰাহুলে। ১৪ আগষ্টত লিখা পত্ৰখন সোমবাৰে ৰাজহুৱা কৰে ৰাহুল গান্ধীয়ে। পত্ৰখনত তেওঁ প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ আন্দোলন শান্তিপূৰ্ণ আৰু তেওঁলোকৰ দাবী ন্যায়সংগত বুলি...

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ

হলিউড জগতত শোকৰ ছাঁ পেলাই মাত্ৰ ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ। অহা শুকুৰবাৰে ৩৭ বছৰত ভৰি দিয়াৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ এই আকস্মিক অৱসানে সমগ্ৰ বিনোদন জগতকে স্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই। কন্যাৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে...

বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো

পবিত্ৰ শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিবলৈ ওলাই অহা ভক্তৰ সমাগম পৰিণত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনাত। বিহাৰৰ লক্ষীচৰাই জিলাৰ প্ৰসিদ্ধ অশোকধাম মন্দিৰ চৌহদত পুৱাই সংঘটিত হ’ল এই অপ্ৰত্যাশিত পদপিষ্টৰ ঘটনা। শাওণৰ সোমবাৰ উপলক্ষে মন্দিৰ প্ৰাংগণত পুৱাৰ ভাগতেই সমবেত হোৱা অগণন ভক্তৰ ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যুক সাৱটে কমেও ৭ জন লোকে। জিলা প্ৰশাসনৰ তথ্য...

ধেমাজি বিস্ফোৰণৰ বলিসকলক স্মৰণ, ‘শোক দিৱস’ পালন কৰিলে ৰাজ্য চৰকাৰে

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত বিস্ফোৰণত প্ৰাণ হেৰুৱা সাধাৰণ নাগৰিকসকলক স্মৰণ কৰি দেওবাৰে অসম চৰকাৰে ‘শোক দিৱস’ পালন কৰে। দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এই শোক অনুষ্ঠানত বলি হোৱাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ স্মৃতিত আৰু উগ্ৰপন্থী হিংসাক ধিক্কাৰ জনাই এক মিনিট...

প্ৰথম ভাৰত-নেপাল কণ্টেইনাৰ ৰেলৰ পৰা ২৩.৭ মেগাৱাট সৌৰ শক্তি: স্বাধীনতা দিৱসত এনএফআৰ খতিয়ান

শনিবাৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)-এ। মালিগাঁওস্থিত এনএফআৰএছএ কমপ্লেক্সত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত এনএফআৰৰ সাধাৰণ প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰেল বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰে আৰু গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে। সম্বোধনত সাধাৰণ প্ৰবন্ধক গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি...
1 14 15 16 17 18 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us