গাঁৱত নাপায় মোবাইল নেটৱৰ্ক। আৰু সেই পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ যোৱাৰ পিছতে এজন টেকনিচিয়ানক টাৱাৰৰ খুঁটাত বান্ধি থলে গঞাই। উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ হৰদৌলী গাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এই অদ্ভুত আৰু অপ্ৰত্যাশিত প্ৰতিবাদৰ ঘটনা। গাঁৱত এটা ম’বাইল টাৱাৰ থকাৰ পিছতো দীৰ্ঘদিন ধৰি নেটৱৰ্কৰ সমস্যাত ভুগি থকা স্থানীয় ৰাইজে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই এনে চৰম পদক্ষেপ গ্ৰহণ কৰে।
ঘটনাটোৰ এক ভিডিঅ’ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এজন ব্যক্তিক ম’বাইল টাৱাৰত ৰছীৰে বান্ধি ৰখাৰ লগতে বহুসংখ্যক গাঁওবাসীয়ে তেওঁক ঘেৰি ৰখা প্ৰত্যক্ষ হয়। গাঁওবাসীৰ অভিযোগ অনুসৰি, অঞ্চলটোত বিগত দুটা বছৰে ম’বাইল নেটৱৰ্কৰ তীব্ৰ সমস্যা চলি আছে। টেলিকম প্ৰতিষ্ঠানটোক বাৰে বাৰে লিখিত আৰু মৌখিক অভিযোগ দিয়াৰ পিছতো কোনো ফল নধৰিলে।
গঞাই উল্লেখ কৰা মতে, তেওঁলোকে নিয়মীয়াকৈ ৫জি সেৱাৰ বাবে মাচুল আদায় দি আহিছে যদিও দুৰ্বল সংযোগৰ বাবে সাধাৰণ ফোন কল এটা কৰিবলৈ বা ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হয়। বৃহস্পতিবাৰে যেতিয়া উক্ত টেকনিচিয়ানজন পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গাঁওখনত উপস্থিত হয়, তেতিয়াই ৰাইজৰ পুঞ্জীভূত ক্ষোভৰ উদগীৰণ ঘটে।
প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াসকল নিজে আহি সমস্যা সমাধান নকৰালৈকে টেকনিচিয়ানজনক মুকলি কৰি দিয়া নহ’ব বুলিও সকীয়নি দিয়ে স্থানীয় লোকে।
ঘটনাৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বান্ধি থোৱা টেকনিচিয়ানজনক উদ্ধাৰ কৰে। বিন্দকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেশ সিঙে জানিবলৈ দিয়া মতে, নেটৱৰ্কৰ জটিল সমস্যাৰ বাবে অতিষ্ঠ হৈ স্থানীয় লোকে এই কাৰ্য সংঘটিত কৰে। ভুক্তভোগী টেকনিচিয়ানজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। ভাইৰেল ভিডিঅ’ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যাৱতীয় তদন্ত অব্যাহত ৰাখিছে।








