Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পৱিত্ৰ ভাদ মাহ ;হৰি নামৰ ধ্বনিৰে মুখৰিত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰৰ উত্তৰ পূব মণ্ডলৰ মুখ্য কাৰ্যালয় চৌহদ

Table of Content

অসমৰ জাতীয় জীৱনক মহিমামণ্ডিত কৰি অহা পৱিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰস্থিত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা ‘কল্যাণময়ী’ৰ সহযোগত বৰঝাৰত থকা সামূহিক ভৱনত  নাম-প্ৰসংগ পৰিবেশন কৰা হয়। এই উপলক্ষে আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে । এই উপলক্ষে এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়ন ( এ এ ই ইউ ) ৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পৱিত্ৰ দাসে আঁত ধৰা অনুষ্ঠানটোত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় যে, পৱিত্ৰ ভাদ মাহ হল  অসমীয়াৰ বাবে অতি পৱিত্ৰ মাহ। এই ভাদ মাহতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱৰ মহা প্ৰয়াণ হৈছিল আৰু ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হৈছিল।   মহাপুৰুষ দুজনাৰ কৰ্মৰাজি, আদৰ্শ, সৃষ্টিৰাজি, সাহিত্য,  সংস্কৃতিয়ে যিধৰণে অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিছে সেয়া তুলনাবিহীন। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ অবিহনে অসমৰ সাহিত্য , সংস্কৃতি, লোক কলা, সত্ৰ, নামঘৰ আদিৰ কথা ভাবিবই নোৱাৰি।

অসমৰ জাতীয় জীৱনক মহাপুৰুষ দুজনাই সকলো দিশতে সমৃদ্ধ কৰি গৈছে। পোন প্ৰথমবাৰৰ বাবে বিমানবন্দৰ চৌহদত  এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিবলৈ পাই আমি নথৈ আনন্দিত আৰু ইয়াৰ বাবে জ্ঞানমালিনী বিকশিত নামতি দলটোৰ লগতে আমাৰ কল্যাণময়ী সংস্থাৰ সকলোৰে শলাগ লৈছো। আনহাতে অনুষ্ঠানত  প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মহা প্ৰবন্ধকদ্বয় জি সত্যানন্দম আৰু ছমচেৰ সিং, যুটীয়া মহা প্ৰবন্ধক জগদীশ বৈশ্যকে ধৰি কেবাজনো বিষয়া , এ এ ই ইউৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সভাপতি বিজিত দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা,  মহিলা কল্যাণ সংস্থা “কল্যাণময়ী”ৰ সম্পাদিকা লক্ষ্মী মেধি সিনহা, কোষাধ্যক্ষ শালিনী দৈমাৰীকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু সদস্যা, প্ৰাধিকৰণৰ বিষয়া উপস্থিত থাকে। আনহাতে মহাপুৰুষ দুজনাৰ কেবাটাও নাম পৰিবেশন কৰে জালুকবাৰী সমষ্টিৰ খানামুখৰ জনপ্ৰিয় নামতি দল তথা  মেঘালয়ৰ শ্বিলং , নংপোৰ সমীপৰ মাৰঙা , পাথাৰখামাৰ বাৰেগাওঁ, পশ্চিমবংগৰ কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰত দিহা নাম পৰিৱেশন কৰি বিপুল সমাদৰ লাভ কৰা “জ্ঞানমালিনী বিকশিত নামতি দলটোৱে”  ।

দলটোৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা তথা মূখ্য নামতি জুমি কলিতাৰ নেতৃত্বত ১২ জনীয়া নামতি দলটোৱে পৰিবেশন  কৰা হৰি নামৰ ধ্বনিৰে এক কথাত প্ৰায় ডেৰ ঘণ্টা ধৰি  মুখৰিত হৈ পৰে বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ চৌহদ। সন্ধিয়া মহাপুৰুষ দুজনাক সোঁৱৰণ কৰি প্ৰসাদ বিতৰণৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়। আনহাতে প্ৰাধিকৰণৰ  বহু বিষয়া – কৰ্মচাৰীয়ে নামতি দলটোৰ দিহানাম  উপভোগ কৰাৰ লগতে নাম প্ৰসংগতো ভাগ লয় । শেষত শলাগৰ শৰাই আগবঢ়াই “কল্যাণময়ী’ৰ কাৰ্যকৰী সদস্যা ৰুমী কলিতাই।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us