শ্বিলঙৰ তাণ্ডৱৰ পিছতে কেএছইউৰ শীৰ্ষ তিনি নেতাক গাৰো পাহাৰৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা; অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন
শ্বিলং মহানগৰীত সৃষ্টি কৰা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ পিছতেই গ্ৰেপ্তাৰ হোৱা খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক অনা-খাছী অধ্যুষিত গাৰো পাহাৰ জিলাৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা চলাইছে মেঘালয় প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত শুকুৰবাৰে পুৱা কেএছইউৰ উপ-সভাপতি পিনকমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰুবেন নাঝিয়াৰক তুৰা কাৰাগাৰলৈ আৰু সভাপতি ৰেইমণ্ড খাৰজানাক ৱিলিয়ামনগৰ কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা...








