Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

আন এক লোমহৰ্ষক কাণ্ড! হোটেলৰ বন্ধ কোঠাত প্ৰেমিকাক নৃশংস হত্যা কৰি আত্মহননৰ চেষ্টা যুৱকৰ

Table of Content

প্ৰেমৰ সম্পৰ্কৰ কৰুণ আৰু ভয়ংকৰ পৰিণতি ঘটিল এটা হোটেলৰ বন্ধ কোঠাত। প্ৰেমিকাৰ বুকুত নিৰ্মমভাৱে কেঁচীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হ’ল স্বয়ং প্ৰেমিকৰ বিৰুদ্ধে। ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপৰ এখন হোটেলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতেই অভিযুক্ত প্ৰেমিকজনে নিজেও আত্মহত্যাৰ অপচেষ্টা চলায়।

মৃত যুৱতীগৰাকীক মেলানী গুৰিয়া বুলি চিনাক্ত কৰা হৈছে। চেন্নাইৰ পৰা ৰঙিয়ালৈ আহি হোটেলখনৰ ১১১ নম্বৰ কোঠাত দুজনী বান্ধৱীৰ সৈতে আশ্ৰয় লৈছিল যুৱতীগৰাকীয়ে। আনহাতে, অভিযুক্ত প্ৰেমিক অভিজিৎ কিণ্ডো নামৰ যুৱকজন ৰৌতাৰ পৰা আহি উক্ত হোটেলৰে ১১০ নম্বৰ কোঠাটোত বাহৰ পাতিছিল।

নিশা তিনি বান্ধৱী একেলগে থকাৰ পাছত মেলানী ১১০ নম্বৰ কোঠাত থকা অভিজিতৰ ওচৰলৈ যায়। তাত দুয়ো কিছু সময় একেলগে কটোৱাৰ পিছতেই কিবা কথাত সংঘাতৰ সৃষ্টি হয় আৰু অভিযুক্ত কিণ্ডোৱে এখন চোকা কেঁচীৰে মেলানীক উপৰ্যুপৰি আক্ৰমণ কৰে। সংকটজনক আঘাতৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় যুৱতীগৰাকীয়ে। ইয়াৰ পিছতেই কিণ্ডোৱেও নিজৰ প্ৰাণনাশৰ চেষ্টা চলায়। ঘটনাৰ সম্ভেদ পাই আৰক্ষীয়ে হোটেলত উপস্থিত হৈ কিণ্ডোক জিম্মাত লয় আৰু আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

ঘটনাৰ পিছতেই মেলানীৰ মাতৃ মাৰিয়াম গুৰিয়াই দুয়োৰে মাজৰ প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰে। চেন্নাইত থকাৰ সময়তেই বিগত ছমাহ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিল বুলি উল্লেখ কৰি মাতৃয়ে কয়, “অভিজিতে মোৰ ছোৱালীক ৰঙিয়ালৈ লৈ অহাৰ কথা আমি জানিছিলোঁ। আমি সিহঁতৰ বিবাহত সন্মতিও দিছিলোঁ, কিন্তু কিছু সময়ৰ পিছতহে বিয়াখন পাতিবলৈ বিচাৰিছিলোঁ।”

এই নৃশংস কাণ্ডৰ উচিত ন্যায় বিচাৰি অভিযুক্ত কিণ্ডোৰ ফাঁচীৰ দাবী জনাইছে মেলানীৰ শোকস্তব্ধ মাতৃয়ে। ঘটনাৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে যাৱতীয় তদন্ত অব্যাহত ৰাখিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us