Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

মাৰ্কাটোলা ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰেইলাৰৰ খুন্দাত নিহত মুম্বাইৰ বাইকাৰ ৰিদ্ধি থাক্কৰ

ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মুম্বাইৰ ২৪ বছৰীয়া বাইকাৰ তথা ইউটিউবাৰ ৰিদ্ধি থাক্কৰে। বুধবাৰে পুৱা ছত্তীশগড়ৰ বালোদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩০ৰ মাৰ্কাটোলা ঘাটত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰিদ্ধিক চিকিৎসালয়ত মৃত ঘোষণা কৰে চিকিৎসকে। জানিব পৰা মতে, ২৩জনীয়া বাইকাৰৰ এটা দলে ৰায়পুৰৰ পৰা বস্তাৰৰ অভিমুখে যাত্ৰা কৰিছিল। ধমত্ৰীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত মাৰ্কাটোলা ঘাটত দলটোৰ...

অসমৰ বানত ১০০ ৰো অধিক লোকৰ মৃত্যু, বংগৰ পৰা ১০ কোটিৰ সাহায্য

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বুধবাৰে বানপীড়িত অসমৰ বাবে ত্ৰাণ আৰু উদ্ধাৰ কাৰ্যৰ বাবে ১০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ৰাজ্য বিধানসভাৰ বিশেষ একদিনীয়া অধিৱেশনত ভাষণ প্ৰসংগত অধিকাৰীয়ে কয়, “পশ্চিম বংগ চৰকাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসম চৰকাৰক ১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো, আৰু ইয়াক অসমৰ মুখ্যমন্ত্ৰীৰ হাতত...

৭ম-৮ম শতিকাৰ শিলৰ মূৰ্তি আৰু ১ম-১২ম শতিকাৰ টেৰাকোটা উদ্ধাৰ মৰিগাঁৱৰ মায়ংত

অসমৰ মৰিগাঁও জিলাৰ ঐতিহাসিক কছশিলা শিৱ আশ্ৰমত হোৱা পুৰাতাত্ত্বিক আৱিষ্কাৰসমূহে এই অঞ্চলৰ সমৃদ্ধ আৰু প্ৰাচীন সাংস্কৃতিক ইতিহাসৰ প্ৰমাণ আৰু শক্তিশালী কৰিছে। হাতিমুৰীয়া গাঁৱৰ এই মন্দিৰত নতুন গৃহ নিৰ্মাণৰ বাবে চলি থকা খন কাৰ্যৰ সময়ত শেহতীয়া শিল্পসামগ্ৰীসমূহ উদ্ধাৰ হৈছে। আৱিষ্কাৰসমূহৰ ভিতৰত আছে ৭ম-৮ম শতিকাৰ বুলি ধাৰণা কৰা এটা আধা-সমাপ্ত শিলৰ মূৰ্তি আৰু ১১ম-১২ম শতিকাৰ বুলি অনুমান...

মধ্য আকাশত বিকল ইণ্ডিগ’ বিমানৰ ইঞ্জিন! ২২৪ যাত্ৰীসহ চেন্নাইত জৰুৰী অৱতৰণ

আকৌ মধ্য আকাশত বিমানত হাহাকাৰ! ইণ্ডিগ’ৰ যাত্ৰীবাহী বিমানৰ ইঞ্জিন বিকল হোৱাৰ পিছতে হাহাকাৰৰ সৃষ্টি হয় যাত্ৰীৰ মাজত। অৱশ্যে পাইলটৰ তৎপৰতাত চেন্নাই বিমানবন্দৰত সুকলমে জৰুৰী অৱতৰণ কৰে বিমানখনে। বুধবাৰে নিশা কলকাতাৰ পৰা চেন্নাই অভিমুখী বিমানখনত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কলকাতাৰ পৰা চেন্নাই অভিমুখে উৰা মৰাৰ কিছু সময় পিছতে ইণ্ডিগ’ৰ ৬ই-৭২৩ বিমানখনৰ বাওফালৰ ইঞ্জিনটো...

বাংকিপুৰৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ প্ৰতিশ্ৰুতি; বিধায়ক হিচাপে প্ৰশান্ত কিশোৰৰ প্ৰথম ডাঙৰ ঘোষণা

বিধায়ক নিৰ্বাচিত হৈয়েই সমষ্টিবাসী যুৱক-যুৱতীক এক ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে জন সূৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে। বিহাৰৰ বাংকিপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে সমষ্টিটোৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদানৰ লক্ষ্য ঘোষণা কৰাৰ পিছতে এতিয়া চৰ্চালৈ আহিছে এই ঘোষণা। বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমটো বৃহৎ উদ্যোগ হিচাপে এই সংস্থাপন অভিযানৰ কথা ঘোষণা কৰে প্ৰশান্ত...

বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ! আইপিএলৰ সফল ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ক্ৰিকেটৰ পথাৰত সফলতাৰ পৰিচয় দিয়া এগৰাকী যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ যৌন নিৰ্যাতনৰ অভিযোগ। বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপনৰ লগতে অপৰাধমূলক ভাবুকি আৰু ব্যক্তিগত মুহূৰ্তৰ দৃশ্যাংশ সংৰক্ষণ কৰাৰ অভিযোগত মঙলবাৰে পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিল্লী কেপিটেলছৰ উইকেটকীপাৰ-বেটছমেনগৰাকীক। গ্ৰেপ্তাৰ হোৱা ক্ৰিকেটাৰগৰাকী হৈছে বংগৰ উইকেটকীপাৰ-বেটছমেন অভিষেক পোৰেল। আৰক্ষীয়ে জনোৱা অনুসৰি, জেৰা কৰাৰ পিছত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ...

ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান

অবিজেপি শাসিত ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনত নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে আৰক্ষী আৰু প্ৰশাসনে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে জলকামান, কন্দুৱা গেছ আৰু লাঠীচালনা কৰাৰ পিছতে মঙলবাৰে ৰাজ্যজোৰা বন্ধৰ আহ্বান জনায় বিজেপিয়ে। বন্ধৰ প্ৰভাৱত ৰাঁচীসহ ঝাৰখণ্ডৰ কেইবাটাও অঞ্চলত স্বাভাৱিক জনজীৱন ব্যাহত...

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল কলম্বিয়া; নিহত ১৩২, আহত ৫৭০ৰো অধিক

নিমিষতে মৃত্যুৰ বিভীষিকাই জোকাৰি গ’ল এখন চহৰ! ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ এটা ভূমিকম্পই ধ্বংসলীলা চলোৱাত প্ৰাণ হেৰুৱায় অতি কমেও ১৩২ জন লোকে। সোমবাৰে কলম্বিয়াৰ পশ্চিম প্ৰান্তত সংঘটিত এই ভয়ংকৰ ভূমিকম্পই শ শ অট্টালিকা ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহু লোকক ধ্বংসস্তূপৰ তলত আবদ্ধ কৰি পেলায়। শেহতীয়া তথ্য অনুসৰি, ভূমিকম্পটোত নিহতৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পাইছে। আহত হৈছে...

অসমৰ বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি; ১০ জিলাত বানৰ কবলত ১.২৬ লাখৰো অধিক লোক

১০১ জনলৈ বৃদ্ধি পালে অসমৰ বানত নিহতৰ সংখ্যা। পানী শুকুৱাৰ পিছত জিলাই জিলাই উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই বলিয়া বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পায়। ১০ আগষ্টৰ শেহতীয়া বান প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ১০খন জিলাত এতিয়াও ১,২৬,৪৩১ জন লোক বানৰ কবলত আছে। নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই,...

গুৱাহাটী বিজ্ঞান নগৰীৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ১০০ কোটি টকা দিব, ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ গুৱাহাটী বিজ্ঞান নগৰী পৰিদৰ্শন কৰে আৰু চলি থকা কামসমূহ পৰ্যবেক্ষণ কৰে।তেওঁ কেন্দ্ৰটোৰ পৰৱৰ্তী পৰ্যায়ৰ উন্নয়নৰ বাবে পৰিকল্পিত কামসমূহৰ অগ্ৰগতিৰ মূল্যায়নৰ বাবে বিভাগীয় বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ আগত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটী বিজ্ঞান নগৰী ১৫০ বিঘাতকৈও অধিক মাটিত নিৰ্মাণ...
1 16 17 18 19 20 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us