Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

অসমৰ বান আৰু প্ৰকৃতিৰ সংকট সমাধানৰ বাবে ব্যাপক বৈজ্ঞানিক পদক্ষেপৰ দাবীঃ বিশেষ কনভেনচনৰ আহ্বান নাগৰিক সন্মিলনৰ

জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে সমগ্ৰ নদী আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰক লৈ এক সৰ্বাংগীন তথা বৈজ্ঞানিক পদক্ষেপ গ্ৰহণৰ দাবী তুলি শুকুৰবাৰে এক বিবৃতিযোগে স্পষ্ট কৰি দিয়ে নাগৰিক সমাজে। সংগঠনটোৰ তৰফৰ...

নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ’ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক তথা পৰ্যটন বাহনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নকৰালৈকে এই সিদ্ধান্ত বাহাল থাকিব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিয়ে শ্ৰমিক সংগঠনটোৱে। সংগঠনটোৰ সাধাৰণ...

শ্বিলঙত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপৰ মাজতো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ! ই-বাছৰ চালক-পৰিচালকক নগদ ধনসহ বিশেষ সম্বৰ্ধনা

উত্তপ্ত পৰিস্থিতি আৰু আক্ৰমণৰ মুখামুখি হৈও অসীম সাহস আৰু উপস্থিত বুদ্ধিৰে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে এখন চৰকাৰী বাছৰ চালক আৰু পৰিচালকে। শ্বিলং চহৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপকাৰী দুৰ্বৃত্তৰ পৰা যাত্ৰীসকলক অক্ষত অৱস্থাত উদ্ধাৰ কৰা এই নিদৰ্শনমূলক কাৰ্যৰ বাবে ‘কা বচ জং ঙী’ (এমএল ০৫ এএইচ ৫০৪৫) নামৰ বৈদ্যুতিক বাছখনৰ চালক ফুলমুনৱেল...

দক্ষিণ-পশ্চিম গুৱাহাটীৰ খোৱাপানী প্ৰকল্পৰ বাধা দূৰ কৰিবলৈ যুটীয়া বৈঠকৰ নিৰ্দেশ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী জল ব’ৰ্ডে ৰূপায়ণ কৰি থকা উত্তৰ গুৱাহাটী আৰু দক্ষিণ-পশ্চিম গুৱাহাটী খোৱাপানী প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয় আৰু সময়মতে সম্পূৰ্ণ কৰাত প্ৰভাৱ পেলোৱা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনা কৰে। উত্তৰ গুৱাহাটী খোৱাপানী প্ৰকল্পত পুৱাৰ ভাগত কৰা পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বিষয়াসকলৰ সৈতে প্ৰকল্পৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে।...

অসমত ৯.৪ কেজি WY টেবলেট সহ ২৭ কোটিৰ মাদক দ্ৰব্য জব্দ

অসম আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে ৰাজ্যজুৰি পৃথক অভিযান চলাই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে, যাৰ ফলত কেইবাজনো সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু মাদক দ্ৰব্য জব্দ কৰা হৈছে। খাৰুৱাবান্ধা আৰক্ষীয়ে হাটশিঙিমাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই নুৰুল আচিদ নামৰ এজন সন্দেহযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে তেওঁৰ পৰা ১৬১ টা সন্দেহযুক্ত নিচাযুক্ত টেবলেট আৰু এটা...

অসমত বাল্যবিবাহৰ বিৰুদ্ধে অধিক তীব্ৰতৰ অভিযান; ৫ বছৰত ১১,১৯৬ গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ

​অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্যবিবাহ নামৰ সামাজিক ব্যাধিটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে চলোৱা অভিযান অব্যাহত ৰাখিছে। এই বিশেষ অভিযানৰ অধীনত বিগত ৫ বছৰৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১১,১৯৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্যবিবাহৰ সৈতে জড়িত স্বামী, অভিভাবক, আৰু অবৈধ বিবাহ সমাপন কৰোৱা ধৰ্মীয় গুৰু (কাজী/পুৰোহিত)সকলক আটক কৰি আইনগত ব্যৱস্থা...

ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা নিৰীহ শিক্ষাৰ্থীসকলৰ ওপৰত চৰকাৰে চলোৱা বৰ্বৰ দমন-পীড়নক সমালোচনা কৰি খাৰ্গেয়ে শাসকীয় পক্ষৰ ৰাষ্ট্ৰবাদী স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে। সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰি...

যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনাময় পৰিৱেশ। এই ঘটনাত ৰেপিড একশ্যন ফ’ৰ্চৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে বুধবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভুক্তভোগী শিক্ষাৰ্থীসকলক লগত লৈ নতুন দিল্লীৰ পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তদন্তৰ অগ্ৰগতি...

হিন্দু-মুছলিম মানসিকতাৰ পৰা ওলাই আহকঃ ‘বন্দে মাতৰম’ক লৈ শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কংগনা ৰানাৱটৰ

ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱাক কেন্দ্ৰ কৰি চলি থকা দেশজোৰা বিতৰ্কৰ মাজতে প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱট। বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই প্ৰবীণ অভিনেত্ৰীগৰাকীক ‘হিন্দু-মুছলিম মানসিকতা’ৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ৮১ বছৰীয়া শৰ্মিলা ঠাকুৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ‘বন্দে মাতৰম’ৰ কেৱল প্ৰথম দুটা...

বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম

ৰাজহুৱা বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানৰ জয়পুৰত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল ‘ককৰোচ জনতা পাৰ্টী’ৰ কৰ্মী-সমৰ্থক। জয়পুৰৰ বগৰু অঞ্চলৰ অন্তৰ্গত ৰামপুৰা কঁৱৰপুৰাত দলটোৰ প্ৰতিনিধি দলটোক স্থানীয় লোক আৰু একাংশ দুৰ্বৃত্তই খেদি খেদি প্ৰহাৰ কৰাৰ লগতে বাহনসমূহত ব্যাপক আক্ৰমণ চলায়। আনহাতে, শাসকীয় দল বিজেপিৰ আশীৰ্বাদপুষ্ট দুৰ্বৃত্তইহে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে...
1 11 12 13 14 15 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us