এতিয়াৰে পৰা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত প্ৰদান কৰা হ’ব চিকেন বিৰিয়ানী, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
পুষ্টিহীনতা দূৰীকৰণ আৰু শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰাৰ লক্ষ্যৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সাজু হ’ল তামিলনাডু চৰকাৰ। চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনিত এইবাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুস্বাদু ‘চিকেন বিৰিয়ানি’ অন্তৰ্ভুক্ত কৰাৰ অভিলাষী পৰিকল্পনাৰ কথা পুনৰ স্পষ্ট কৰিছে ৰাজ্য চৰকাৰে। তামিলনাডুৰ বিদ্যালয় শিক্ষা মন্ত্ৰী ৰাজ মোহনে এই যুগান্তকাৰী পদক্ষেপৰ কথা ঘোষণা কৰি কয় যে খাদ্য...








