Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অনুপ্ৰেৰণামূলক! মেধা আৰু অধ্যাৱসায়ৰে উজ্বলিল অটোৰিক্সা চালকৰ পুত্ৰ প্ৰভাত যাদৱ, ভৰি দিলে চিকিৎসক হোৱাৰ বাটত

Table of Content

পঢ়িবলৈ ঘৰত এখন টেবুল নাছিল। নাছিল আন সা-সুবিধাও। কিন্তু অটোৰিক্সা চালক পিতৃৰ চকুত এটা সপোন আছিল। আৰু সেই সপোনৰ পম খেদিয়েই অৱশেষত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল প্ৰভাত কুমাৰ যাদৱ। প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ব্যৰ্থ হোৱাৰ পিছত পুনৰ দ্বিতীয়বাৰ চেষ্টা চলাই অৱশেষত চিকিত্সক হোৱাৰ বাটত ভৰি দিলে উত্তৰ প্ৰদেশৰ এই দৰিদ্ৰ মেধাৱী ছাত্ৰজনে। ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষা নীটত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি লক্ষ্ণৌৰ ঐতিহ্যমণ্ডিত কিং জৰ্জ মেডিকেল বিশ্ববিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰমৰ বাবে স্থান সুৰক্ষিত কৰিবলৈ সমৰ্থ হৈছে ছাত্ৰগৰাকীয়ে।

উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ দেৱকিপুৰ গাঁৱৰ বাসিন্দা প্ৰভাতে নীট ইউজি পৰীক্ষাত সৰ্বমুঠ ৬২৭ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত ৩,৮৬৪ সংখ্যক স্থান দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ মাত্ৰ ৫০৪ নম্বৰ লাভ কৰি হতাশ হৈছিল যদিও লক্ষ্যভ্ৰষ্ট হোৱা নাছিল। বিদ্যালয়ৰ শিক্ষাজীৱনতো মেধাৰ পৰিচয় দিয়া প্ৰভাতে দশম শ্ৰেণীত ৮৯.৪৪ শতাংশ আৰু দ্বাদশ শ্ৰেণীত ৮৩.৪৪ শতাংশ নম্বৰ লাভ কৰিছিল।

দৰিদ্ৰতাৰ শিকলি ভাঙি চিকিৎসক হোৱাৰ সপোন লৈ প্ৰভাতে গাঁৱৰ পৰা ৰাজস্থানৰ কোটালৈ যাত্ৰা কৰে। তাত এটা ব্যক্তিগত প্ৰতিষ্ঠানে মাচুলত ৫০ শতাংশ ৰেহাই প্ৰদান কৰাৰ পিছতো বাকী ধন যোগাৰ কৰাটো পৰিয়ালৰ বাবে কঠিন হৈ পৰিছিল। এনে কঠিন সময়ত প্ৰভাতৰ মোমায়েক দয়াৰাম যাদৱে আৰ্থিক দায়িত্ব কান্ধ পাতি লৈ ভাগিনৰ চিকিৎসা শিক্ষাৰ পথ সুগম কৰি তোলে।

আনহাতে প্ৰভাতৰ পিতৃ মহেন্দ্ৰ কুমাৰ যাদৱে বিগত প্ৰায় ২০ বছৰে মুম্বাই মহানগৰীত এখন অটোৰিক্সা চলাই পৰিয়ালটোক পোহপাল দি আহিছে। মুম্বাইৰ এখন সৰু চালিত অকলশৰে দিন কটাই কষ্টোপাৰ্জিত ধন গাঁৱৰ ঘৰলৈ প্ৰেৰণ কৰিছিল পিতৃয়ে। সেই উপাৰ্জনৰেই পুত্ৰক পঢ়ুৱাই আজি চিকিৎসকৰ আসনত বহুৱাবলৈ সক্ষম হোৱা এই পিতৃৰ অপৰিসীম ত্যাগক এতিয়া অঞ্চলটোৰ প্ৰতিগৰাকী লোকে একমুখে শলাগ লৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us