Trending:
/ Oct 04, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন; এককভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ, ১৩ কোটি ভোটাৰ কৰ্তনৰ এছআইটি তদন্তৰ দাবী

Table of Content

সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰচৰাত সৃষ্টি হোৱা তীব্ৰ মতবিৰোধৰ মাজতে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এজন অধিবক্তা। আয়োগৰ আন দুজন নিৰ্বাচনী আয়ুক্তৰ সন্মতি নোলোৱাকৈ একপক্ষীয়ভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে দেশৰ শীৰ্ষ আদালতত এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে। আবেদনখনত মুখ্য নিৰ্বাচনী আয়ুক্তই আন দুই আয়ুক্তক আওকাণ কৰি গ্ৰহণ কৰা সকলো নিৰ্দেশনা, সিদ্ধান্ত আৰু ছফ্টৱেৰৰ পৰিৱৰ্তনক অসাংবিধানিক তথা অবৈধ ঘোষণা কৰিবলৈ আদালতক আহ্বান জনোৱা হৈছে।

ইয়াৰ উপৰিও ভোটাৰ তালিকাৰ বিশেষ গভীৰ নিৰীক্ষণ চমুকৈ এছআইআৰ প্ৰক্ৰিয়াৰ সময়ত ভোটাৰ তালিকাৰ পৰা ১৩ কোটি ভোটাৰৰ নাম কৰ্তন কৰা বিষয়টোত এক বিশেষ তদন্তকাৰী দল চমুকৈ এছআইটি গঠন কৰি তদন্ত কৰাৰ নিৰ্দেশনা দাবী কৰে আবেদনকাৰীয়ে। আবেদনখনত ভোটাৰ পঞ্জীয়নৰ পূৰ্বৰ ‘প্ৰপত্ৰ ৬’ পুনৰ বাহাল কৰাৰ লগতে কৰ্তব্যত গাফিলতি কৰাৰ অপৰাধত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ, জ্যেষ্ঠ উপ-নিৰ্বাচনী আয়ুক্ত মণীষ গাৰ্গ আৰু তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চালক প্ৰধান সীমা খান্নাৰ বিৰুদ্ধে জনপ্ৰতিনিধিত্ব আইনৰ অধীনত আদালতত গোচৰ চলোৱাৰ দাবী উত্থাপন কৰা হয়।

উল্লেখ্য যে নিৰ্বাচনী আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এছআইআৰ সম্পৰ্কীয় সিদ্ধান্ত, ‘প্ৰপত্ৰ ৬’ৰ সালসলনি আৰু ভোটাৰ তালিকাৰ তথ্য ব্যৱস্থাপনাক লৈ কমেও ১৪ বাৰ লিখিত আপত্তি দৰ্শোৱাৰ এক চাঞ্চল্যকৰ তথ্য শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অৱশ্যে এই বাতৰি খাৰিজ কৰি নিৰ্বাচন আয়োগে যোৱা এটা বছৰত লোৱা সকলো সিদ্ধান্ত সৰ্বসন্মতভাৱে লোৱা বুলি দাবী কৰাৰ লগতে মতৰ ভিন্নতা যিকোনো গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ স্বাভাবিক আলোচনাৰ অংশ বুলি অভিহিত কৰে।

আনহাতে এই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী শিবিৰ। নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীক কঠোৰ সমালোচনা কৰি তেওঁৰ তৎকালীন পদত্যাগ দাবী কৰে। দেশৰ গণতন্ত্ৰ ধ্বংস হ’বলৈ কংগ্ৰেছে কেতিয়াও নিদিয়ে বুলিও সকীয়নি প্ৰদান কৰে বিৰোধী দলপতিগৰাকীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us