ছিকিমৰ তিস্তা ষষ্ঠ পৰ্যায় জলবিদ্যুৎ প্ৰকল্পত মৃত্যুৰ বিভীষিকা! শনিবাৰে নিশা প্ৰকল্পটোৰ সুৰংগত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত কুৰিৰো অধিক শ্ৰমিকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইতিমধ্যে চলি থকা উদ্ধাৰ অভিযানত ২২ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলসমূহে। সুৰংগৰ ভিতৰত আৱদ্ধ আন লোকসকলক উদ্ধাৰৰ লক্ষ্যৰে বৰ্তমানেও অভিযান অব্যাহত আছে।
দুৰ্ঘটনাৰ পিছৰে পৰা বিভিন্ন বিশেষজ্ঞ সংস্থাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত নিয়োজিত হৈ আছে। দুৰূহ পৰিস্থিতিৰ মাজতো শনিবাৰে মধ্যৰাতিলৈকে অভিযান চলাই যায় উদ্ধাৰকাৰীসকলে।
শনিবাৰে নিশা প্ৰায় ১০ বজাত পশ্চিম বংগৰ আছানচলস্থিত ইষ্টাৰ্ণ ক’লফিল্ডছ লিমিটেডৰ দ্বিতীয়টো বিশেষ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। উপস্থিত হোৱাৰ পাছতেই চলি থকা উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে দলটোৱে।
ভূগৰ্ভস্থ সংকীৰ্ণ সুৰংগত অভিযান চলাব পৰা বিশেষ সঁজুলি আৰু কাৰিকৰী ব্যৱস্থাৰ সহায়ত সন্ধান আৰু উদ্ধাৰকাৰ্য আগবঢ়োৱা হৈছে। নিখোজ আন শ্ৰমিকসকলক উদ্ধাৰৰ লক্ষ্যৰে বিভিন্ন সংস্থাই সমন্বয় ৰক্ষা কৰি অভিযান অব্যাহত ৰাখিছে।
ছিকিম চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সংস্থাসমূহে উদ্ধাৰ অভিযানৰ অগ্ৰগতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে। উদ্ধাৰকাৰী দলসমূহলৈ প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ লগতে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে প্ৰশাসনে।
আন আৱদ্ধ শ্ৰমিকসকলৰ সন্ধান আৰু উদ্ধাৰ নোহোৱালৈকে অভিযান অব্যাহত থাকিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰি কৰিছে।








