Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা: অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানলৈ সন্মান

Table of Content

দেশজুৰি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে ঘোষণা কৰা হয় বিভিন্ন সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতি পদকপ্ৰাপ্তসকলৰ নাম। সমগ্ৰ দেশৰ মুঠ ১০৫৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা আৰু সেৱা পদকেৰে সন্মানিত কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানীয় তালিকাত অসম আৰক্ষীৰো কেইবাগৰাকী বিষয়া আৰু জোৱানে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

ৰাজ্যখনৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী তথা গৃহৰক্ষী বিভাগৰ মুঠ ১৫ গৰাকী বিষয়া-জোৱানক বিশিষ্ট সেৱা আৰু প্ৰশংসনীয় সেৱাৰ পদক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতি পদক লাভ কৰে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীয়ে। আনহাতে, প্ৰশংসনীয় সেৱাৰ বাবে অসম আৰক্ষীৰ ১১ গৰাকী, অগ্নিনিৰ্বাপক বাহিনীৰ ২ গৰাকী আৰু গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ এগৰাকী সদস্য মনোনীত হয়।

প্ৰশংসনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰা অসম আৰক্ষীৰ বিষয়া-কৰ্মীসকল হ’ল আৰক্ষী মহাপৰিদৰ্শক ভি শিৱ প্ৰসাদ গঞ্জালা, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক শৰ্ম্মিষ্ঠা বৰুৱা, কমাণ্ডেণ্ট শান্তনু কুমাৰ দত্ত, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, উপ-আৰক্ষী অধীক্ষক অকেৰ আলী, লেন্সনায়ক ৰিপণ পাল, লেন্সনায়ক নন্দা ত্ৰিপুৰা, সহকাৰী উপ-পৰিদৰ্শক সুৰজিৎ মজুমদাৰ আৰু সহকাৰী উপ-পৰিদৰ্শক প্ৰবীণ বৰা।

ইফালে, অগ্নিনিৰ্বাপক বাহিনীৰ সেৱাৰ ক্ষেত্ৰত লীডিং ফায়াৰমেন লোহিত শইকীয়া আৰু সহকাৰী বিষয়া মহম্মদ শ্বাহ আলম শিকদাৰে এই পদক লাভ কৰে। তদুপৰি, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা শাখাৰ পৰা বিশিষ্ট সেৱাৰ স্বীকৃতি হিচাপে প্লাটুন কমাণ্ডাৰ অবিৰম ইছলাৰীলৈ সন্মানীয় পদক আগবঢ়োৱা হয়। বিষয়া-জোৱানসকলৰ এনে ৰাষ্ট্ৰীয় সন্মানে ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ মনোবল বৃদ্ধি কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us