Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

Table of Content

নালছাৰ সমাৱৰ্তন অনুষ্ঠানলৈ আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ (TISS) দীক্ষান্ত সমাৰোহৰ পৰাও বাদ পৰিল ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত। প্ৰতিষ্ঠানটোৰ ৮৬ সংখ্যক দীক্ষান্ত সমাৰোহত পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ স্থানত টাটা মেমৰিয়েল হস্পিটেলৰ সঞ্চালক ডাঃ চি এছ পৰমেশক মুখ্য অতিথি হিচাপে মনোনীত কৰা হয়। উল্লেখযোগ্য যে যোৱা ২ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহখন ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃপক্ষৰ মাজত সম্ভাৱ্য প্ৰতিবাদ তথা নিৰাপত্তাজনিত উদ্বেগৰ সৃষ্টি হোৱাৰ পাছতে মাত্ৰ দুদিন পূৰ্বে স্থগিত ৰখা হৈছিল।

পূৰ্বে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানতো মুখ্য ন্যায়াধীশগৰাকীৰ উপস্থিতিক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সমাৱৰ্তনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তক আমন্ত্ৰণ জনোৱাৰ তীব্ৰ বিৰোধিতা কৰি মুকলি চিঠি প্ৰেৰণ কৰিছিল। যুৱ প্ৰজন্মক উদ্দেশ্যি মুখ্য ন্যায়াধীশ সূৰ্য কান্তই ব্যৱহাৰ কৰা ‘ককৰোচ’ শব্দৰ বিৰোধিতা কৰি তেওঁৰ আমন্ত্ৰণৰ বিৰোধিতা কৰে ছাত্ৰ সমাজে। ইয়াৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিজেআইক সমাৱৰ্তনৰ মুখ্য অতিথিৰ তালিকাৰ পৰা বাদ দিবলগীয়া হয়।

নালছাৰৰ সেই উত্তাল পৰিস্থিতিৰ প্ৰভাৱ টিআইএছএছৰ কেম্পাছতো স্পষ্ট হৈ পৰে আৰু ছাত্ৰ সমাজৰ মাজত সম্ভাব্য প্ৰতিবাদৰ উকমুকনি দেখা যায়। অপ্ৰত্যাশিত পৰিস্থিতিৰ দোহাই দি সমাৰোহ স্থগিত ৰখা টিআইএছএছ কৰ্তৃপক্ষই কেম্পাছৰ শৃংখলা আৰু ছাত্ৰ-ছাত্ৰী তথা অতিথিৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে। হঠাতে অনুষ্ঠানটো বাতিল হোৱাৰ ফলত ডিগ্ৰী প্ৰাপক শিক্ষাৰ্থীসকলৰ যাত্ৰা আৰু ব্যৱস্থাপনাত যি ক্ষতি হৈছিল, তাৰ বাবে কৰ্তৃপক্ষই আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।

অনাকাংক্ষিত বিতৰ্ক আৰু প্ৰতিবাদৰ শংকা আঁতৰাই প্ৰতিষ্ঠানটোৱে এতিয়া জাৰি কৰা নতুন নিমন্ত্ৰণী পত্ৰত মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে ডাঃ পৰমেশৰ নাম মুখ্য অতিথি হিচাপে অন্তৰ্ভুক্ত কৰিছে। অহা ২২ আগষ্টত এই ৮৬ সংখ্যক দীক্ষান্ত সমাৰোহখন পুনৰ অনুষ্ঠিত কৰাৰ নতুন দিন ধাৰ্য কৰা হৈছে। প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ এনে পদক্ষেপে বৰ্তমান দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত ন্যায়পালিকা আৰু ছাত্ৰ সমাজৰ মতানৈক্যক লৈ এক নতুন চৰ্চাৰ জন্ম দিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us