Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

Table of Content

আইন আৰু ন্যায় ব্যৱস্থাত এক নজিৰবিহীন ক্ষিপ্ৰতা প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ত শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ এখন ফাষ্ট ট্ৰেক আদালতে। মুজাফ্ফৰনগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ আদালতে বিগত মাত্ৰ চাৰিটা মাহত ১০টা জটিল অপৰাধজনিত গোচৰৰ ৰায়দান সম্পূৰ্ণ কৰি ২২ গৰাকী অভিযুক্তক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ২০২২ চনত বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ ভিডিঅ’গ্ৰাফী জৰীপৰ ঐতিহাসিক নিৰ্দেশ দি দেশজুৰি ব্যাপক চৰ্চালৈ আহিছিল এইগৰাকী ন্যায়াধীশ।

লক্ষ্ণৌৰ স্থায়ী বাসিন্দা ৪৬ বছৰীয়া ৰবি কুমাৰ দিবাকৰে ২০০৯ চনত আজমগড়ত অতিৰিক্ত দেৱানী ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত চুলতানপুৰত সেৱা আগবঢ়োৱাৰ পিছত ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা মুজাফ্ফৰনগৰত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰি আছে তেওঁ।

বি কম আৰু এল এল এম ডিগ্ৰীধাৰী এইগৰাকী কঠোৰ আৰু স্পষ্টবাদী ন্যায়াধীশে অতি জটিল আৰু পুৰণি গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰি অপৰাধীক উচিত শাস্তি বিহাৰ ক্ষেত্ৰত এক অনন্য দৃষ্টান্ত স্থাপন কৰে।

ন্যায়াধীশ দিবাকৰে শেহতীয়াকৈ ঘোষণা কৰা ৰায়দানসমূহৰ ভিতৰত ১৯৯৯ চনত মুক্তিপণৰ বাবে এজন কাঠ ব্যৱসায়ীক অপহৰণ কৰি হত্যা কৰাৰ ২৭ বছৰীয়া পুৰণি গোচৰ, ২০১৪ চনত পুৰণি শত্ৰুতাৰ বাবে এজন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ গোচৰত চাৰিজন অভিযুক্তক মৃত্যুদণ্ড, আৰু ২০১১ চনত ডকাইতিৰ সময়ত এজন কৃষকক হত্যাৰ ঘটনাৰ চাৰিজন অভিযুক্তক ফাঁচীৰ শাস্তি অন্যতম।

ইয়াৰ উপৰিও ২০২০ চনত কৰ্তব্যৰত হোমগাৰ্ডক ছুৰীৰে হানি হত্যা, ২০১০ চনৰ পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক বিবাদত প্ৰাক্তন গাঁওপ্ৰধান জড়িত থকা হত্যাকাণ্ড, আৰু ২০১১ চনৰ এটা ভয়ংকৰ মাতৃ-পুত্ৰৰ দ্বৈত হত্যাকাণ্ডৰ গোচৰতো তেওঁ অভিযুক্তক চৰম শাস্তি প্ৰদান কৰে।

আদালতৰ বিচাৰ প্ৰক্ৰিয়াত অপৰাধৰ নিষ্ঠুৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই সকলোবোৰ গোচৰক ‘বিৰলৰো বিৰলতম’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰে ন্যায়াধীশগৰাকীয়ে। ২০১৯ চনৰ এগৰাকী মহিলা আৰু তেওঁৰ তিনি পুত্ৰ জড়িত থকা হত্যাকাণ্ডৰ লগতে ৪৫ লাখ টকাৰ লেনদেনক লৈ এগৰাকী অধিবক্তাক অপহৰণ আৰু হত্যা কৰা গোচৰতো তিনি অভিযুক্তক মৃত্যুদণ্ডৰ আদেশ বিহি তেওঁ চাঞ্চল্যকৰ ৰায়দান সাব্যস্ত কৰে।

একেৰাহে এনেবোৰ কঠোৰ আৰু তাৎক্ষণিক সিদ্ধান্তৰ জৰিয়তে ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰে ন্যায়িক প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন দাঙি ধৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us