Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ

ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী ডেকা সত্ৰাধিকাৰ। শিৱসাগৰত বুধবাৰে নিশা আৰক্ষীয়ে এই অভিযোগত গ্ৰেপ্তাৰ কৰে শ্ৰীশ্ৰী শালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ কীৰ্তিকমল দেৱ গোস্বামীক। ভুক্তভোগী ১৯ বছৰীয়া যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰায় সাত ঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত এই গ্ৰেপ্তাৰ কাৰ্য সম্পন্ন কৰে শিৱসাগৰ আৰক্ষীয়ে।...

অৰুণাচলত পুনৰ বান-ভূমিস্খলনৰ সংহাৰ; ক্ষতিগ্ৰস্ত ছয়খন জিলা, প্ৰভাৱিত ৯৪ হাজাৰৰো অধিক লোক

অৰুণাচল প্ৰদেশত অব্যাহত আছে বান আৰু ভূমিস্খলনৰ সংহাৰ। ৰাজ্যখনত শেহতীয়াকৈ পুনৰ সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত নতুনকৈ ক্ষতিগ্ৰস্ত হৈছে ছয়খন জিলা। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত এই দুৰ্যোগৰ কৱলত পৰা লোকৰ সংখ্যা বৃদ্ধি পাই ৯৪ হাজাৰৰো অধিক হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা মতে, যোৱা ২৪ ঘণ্টাত কেয়ি পানিঅৰ, আপাৰ ছিয়াং, তিৰাপ, চাংলাং, পাপুম...

গুৱাহাটী ৰে’ল ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; অবৈধ অনুপ্ৰৱেশ চক্ৰৰ সন্ধানত তদন্ত

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত ১১ জন বাংলাদেশী নাগৰিকক আটক কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে। গুৱাহাটী ৰে’ল ষ্টেচনত চেন্নাইৰ টাম্বৰাম অভিমুখী যাত্ৰাৰ পূৰ্বে চলোৱা অভিযানত আটক কৰা হয় আটাইকেইজনকে। ৰে’ল সুৰক্ষা বাহিনীৰ সূত্ৰ অনুসৰি, আটাইকেইজনেই পুৰুষ। প্ৰাথমিক তদন্তত মেঘালয়ৰ তুৰা সীমান্তেৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ পাইছে। বাংলাদেশৰ এজন দালালৰ সহায়ত সীমান্ত অতিক্ৰম কৰি ভাৰতত...

মধ্য আকাশৰ পৰা সন্ধানহীন মালবাহী বিমান! আৰব সাগৰত দুৰ্ঘটনাৰ আশংকা

মধ্য আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন মালবাহী বিমান। সংযুক্ত আৰব আমিৰশ্বাহীৰ ছাৰজাহৰ পৰা পাকিস্তানৰ কৰাচীলৈ আহি থকা কে–টু এয়াৰৱেজৰ ব’য়িং ৭৩৭ বিমানখনৰ সৈতে মঙলবাৰে নিশা হঠাতে বিচ্ছিন্ন হয় বিমান নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ। পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, পাঁচজন কৰ্মীদলৰ সদস্যক লৈ কৰাচীৰ দিশে আহি থকা বিমানখনত নিশা ৯ বাজি ১৮ মিনিটত নেভিগেচন ব্যৱস্থাৰ ত্ৰুটি...

পোষ্টেল চেভিংছ একাউণ্টৰ পৰা ১.৩ কোটি টকা আত্মসাৎৰ অভিযোগ; চিবিআইৰ জালত ডাক বিভাগৰ দুজন কৰ্মচাৰী

পোষ্টেল চেভিংছ একাউণ্টত জমা থকা ১.৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিবিআইৰ জালত পৰিল ডাক বিভাগৰ দুজন কৰ্মচাৰী। মহীশূৰৰ ৪৪ জন গ্ৰাহকৰ পোষ্টেল চেভিংছ একাউণ্টৰ পৰা টকা নিজৰ আৰু আত্মীয়ৰ একাউণ্টলৈ অবৈধভাৱে স্থানান্তৰ কৰাৰ অভিযোগত দুয়োজনক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাটোৱে। চিবিআইয়ে জনোৱা মতে, অভিযুক্ত দুজনৰ ভিতৰত এজন ডাক সহায়ক আৰু আনজন ডাকবাহক। দুয়ো কৰ্ণাটকৰ মহীশূৰৰ...

অমৃত বৃক্ষ আন্দোলন: ১০ৰ পৰা ১৪ আগষ্টলৈ অসমত ১ কোটি গছ ৰোপণৰ লক্ষ্য

অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত ৰাজ্যজুৰি এক কোটি পুলি ৰোপণৰ উচ্চাকাংক্ষী লক্ষ্য ঘোষণা কৰিছে। এই বৃহৎ ৰোপণ অভিযান ২০২৬ চনৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ৭৭ সংখ্যক বন মহোৎসৱৰ কাৰ্যসূচীত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা ঘোষণা কৰে। এই অভিযানক দেশৰ ভিতৰতে পৰিৱেশ সংৰক্ষণৰ...

অসমৰ শিক্ষামন্ত্ৰীয়ে ৰাইজৰ দলৰ মুৰব্বীৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাস সম্পৰ্কীয় দাবী নাকচ কৰিলে

চৰকাৰী বিদ্যালয়ত বিগত দুবছৰত অসমত ২,১২,৭৬৮ গৰাকী আৰু ২০২১-২ ৰ পৰা ২০২৪-২৫ চনলৈ ২৫,৬৭,৭৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী কমিছে বুলি ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কৰা অভিযোগ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নাকচ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই দাবীসমূহ বিভ্ৰান্তিকৰ বুলি কয় আৰু ইয়াৰ কাৰণ হিচাপে জনসংখ্যাগত পৰিৱৰ্তন আৰু চলি থকা তথ্য সংশোধনক দায়ী কৰে।“অসমত প্ৰায় ৫০ লাখ ছাত্ৰ-ছাত্ৰী আছে।...

জুনত অসমৰ জিএছটি সংগ্ৰহ ১৪৩৭ কোটি টকা, যোৱা বছৰতকৈ ১৫% বৃদ্ধি

যোৱা বছৰ একে সময়ৰ তুলনাত জুন মাহত অসমে ১৫ শতাংশ জিএছটি সংগ্ৰহ বৃদ্ধি প্ৰত্যক্ষ কৰিছে বুলি শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনায়। জুন মাহত জিএছটি সংগ্ৰহ ১,৪৩৭ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো যোৱা বছৰ একে মাহত আছিল ১,২৫৫ কোটি টকা। “জুন ২০২৬ ত জুন ২০২৫ ৰ তুলনাত ১৫ শতাংশ জিএছটি বৃদ্ধি হৈছে, যিটো ৯ শতাংশৰ ৰাষ্ট্ৰীয়...

কাজিৰঙাই অশ্ৰুসিক্ত বিদায় জনালে 34 বছৰীয়া কিংবদন্তি পেট্ৰল হাতী জয়মালাক

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিজৰ কিংবদন্তি মহিলা পেট্ৰল হাতী জয়মালাক অশ্ৰুসিক্ত বিদায় জনালে।“আজি কাজিৰঙাই নিজৰ অন্যতম সাহসী ৰক্ষকৰ প্ৰতি মূৰ নত কৰিছে। জয়মালা কেৱল এটা পেট্ৰল হাতী নাছিল, তাই আছিল এগৰাকী নীৰৱ ৰক্ষক। বাঘৰ বাসস্থান ৰক্ষা কৰি তাই 34 বছৰ অতিবাহিত কৰিছিল। চোৰাং চিকাৰ বিৰোধী টহলৰ পৰা আৰম্ভ কৰি বন্যপ্ৰাণী উদ্ধাৰ অভিযানলৈকে, তাই প্ৰতিটো প্ৰত্যাহ্বানত...

অসমৰ বন মন্ত্ৰীয়ে সেউজ দৃষ্টিভংগী উন্মোচন কৰিলে

অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে ৭৭ সংখ্যক বন মহোৎসৱ উপলক্ষে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজিত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দা, বন বিভাগৰ বিষয়া আৰু অন্যান্য অংশগ্ৰহণকাৰীৰ সৈতে ৭৭টা গছপুলি ৰোপণ কৰে। এই উপলক্ষতে বৃহৎ ৰাজহুৱা অংশগ্ৰহণৰ জৰিয়তে অসমৰ সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্যৰে একাধিক পৰিৱৰ্তনশীল পৰিৱেশ সম্পৰ্কীয় পদক্ষেপৰ ঘোষণা কৰা হয়। সমাৱেশত ভাষণ দি...
1 30 31 32 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us