Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এলআইচি এজেণ্টক প্ৰহাৰ কৰি নগদ ধন আৰু সোণৰ চেইন লুট তিনি যুৱকৰ; উদ্ধাৰ কৰিবলৈ গৈ আহত পুত্ৰও

Table of Content

দিনদুপৰতে এজন জীৱন বীমা নিগমৰ এজেণ্টক শাৰীৰিকভাৱে আক্ৰমণ কৰি লুটি নিলে নগদ আঢ়ৈ লাখ টকা আৰু এডাল সোণৰ চেইন। শিলচৰৰ কালাৰাতল অঞ্চলত সংঘটিত হয় এই দুঃসাহসিক ডকাইতিৰ ঘটনা। অভিযোগ অনুসৰি, তিনিজন অচিনাক্ত যুৱকে অতৰ্কিতে আহি এলআইচিৰ এজেণ্টজনক আগভেটি ধৰে আৰু মাৰপিট কৰি তেওঁৰ হাতত থকা নগদ ২.৫ লাখ টকাৰ লগতে ডিঙিৰ সোণৰ চেইনডাল থপিয়াই লৈ পলায়ন কৰে।

পিতৃক এনেদৰে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত তৎপৰতাৰে পুত্ৰ উপস্থিত হয় যদিও আক্ৰমণকাৰী যুৱক তিনিজনে পুত্ৰকো গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।

এই ঘটনাই অঞ্চলটোৰ ব্যৱসায়ী তথা সাধাৰণ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে। অভিযুক্ত যুৱককেইজনৰ প্ৰকৃত পৰিচয় আৰু ডকাইতি কাণ্ডৰ আঁৰৰ বিতং তথ্য এতিয়াও পোহৰলৈ অহা নাই। সমগ্ৰ বিষয়টোক লৈ আৰক্ষীৰ ভূমিকা আৰু তদন্তৰ অগ্ৰগতি সন্দৰ্ভত অধিক তথ্য লাভৰ অপেক্ষা কৰা হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us