Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

‘মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে’ – এই দাবীৰে চাকৰি দিবলৈ অস্বীকাৰ ইণ্ডিয়ান অইলৰ! এতিয়া ভৰিব লাগিব ১২ লাখ টকাৰ জৰিমনা

Table of Content

মহিলাই এলপিজি চিলিণ্ডাৰ দাঙিব নোৱাৰে!- এই অদ্ভুত যুক্তিৰেই এগৰাকী যোগ্য মহিলাক নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছিল ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে। কিন্তু শীৰ্ষ ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত এতিয়া সেই বঞ্চিত মহিলাগৰাকীক নগদ ১২ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ বাধ্য হ’ল পেট্ৰ’লিয়াম প্ৰতিষ্ঠানটো।

হাৰিয়ানাৰ গুড়হা গাঁৱৰ বাসিন্দা সুমিত্ৰা নামৰ এগৰাকী প্ৰাৰ্থীক কেৱল নাৰী হোৱাৰ বাবেই এলপিজি বটলিং প্লাণ্টত ‘ৰিফিলিং হেল্পাৰ’ বা খালাচীৰ পদৰ পৰা বঞ্চিত কৰিছিল আইঅ’চিয়ে। উপায়ুক্তৰ নেতৃত্বাধীন এখন স্থানীয় সমিতিয়ে উক্ত পদৰ বাবে অনুমোদন জনোৱা ৪৯ জন প্ৰাৰ্থীৰ তালিকাত সুমিত্ৰাৰ নাম থকাৰ পিছতো কৰ্তৃপক্ষই তেওঁক নিযুক্তি দিয়াৰ পৰা বিৰত থাকে।

প্ৰতিষ্ঠানটোৰ এই বৈষম্যমূলক মানসিকতাক কঠোৰ ভাষাৰে গৰিহণা দি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ বিপুল এম পঞ্চোলীৰ বিচাৰপীঠে কয় যে কেৱল লিংগৰ ভিত্তিত এনেদৰে চাকৰি অস্বীকাৰ কৰাটো সমগ্ৰ নাৰীত্বৰ প্ৰতি এক চৰম অপমান।

শুনানিৰ সময়ত ইণ্ডিয়ান অইলৰ অধিবক্তাই যুক্তি দৰ্শায় যে এই কামত গধুৰ চিলিণ্ডাৰ কঢ়িয়াব লাগে আৰু নাইট শ্বিফ্ট থাকে বাবে বিষয়াসকলে মহিলাগৰাকীক অনুপযুক্ত বুলি ভাবিছিল।

এই যুক্তি খাৰিজ কৰি বিচাৰপীঠে তীক্ষ্ণ মন্তব্য কৰি কয়, “মহিলাই কি এলপিজি চিলিণ্ডাৰ দাঙিব নোৱাৰে? আমাৰ সমাজত মহিলাই দিন-ৰাতি নিজৰ ঘৰত নিজেই গেছ চিলিণ্ডাৰ দাঙিছে আৰু সলনি কৰিছে।”

সুদীৰ্ঘ আইনী যুঁজৰ অন্তত আবেদনকাৰী সুমিত্ৰা ইতিমধ্যে অৱসৰৰ বয়সত উপনীত হোৱাৰ বাবে ন্যায়ালয়ে তেওঁক চাকৰি দিয়াৰ পৰিৱৰ্তে ১২ লাখ টকাৰ এককালীন আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ইণ্ডিয়ান অইল কৰ্পোৰেচনক স্পষ্ট নিৰ্দেশ দিয়ে। কৰ্মক্ষেত্ৰত লিংগ বৈষম্যৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই এক যুগান্তকাৰী বাৰ্তা কঢ়িয়াই আনিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us