Trending:
/ Oct 06, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কানাডাত বিমান প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; ভাৰতৰ দুই ছাত্ৰৰ কৰুণ মৃত্যু

Table of Content

অপূৰ্ণ হৈ ৰ’ল বৈমানিক হোৱাৰ সপোন! আকাশমাৰ্গত চলি থকা প্ৰশিক্ষণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতৰ দুই মেধাৱী ছাত্ৰই।

কানাডাত বিমান চালন প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে আকাশতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত শিক্ষাৰ্থী দুজনক তামিলনাডুৰ মনোজ শিৱকুমাৰ আৰু পুডুচেৰীৰ শ্ৰীচৰণ তিৰুগনানাচম্বনথম বুলি চিনাক্ত কৰিছে ভাৰতীয় প্ৰশাসনে।

কানাডাৰ ভেংকুভাৰস্থিত ভাৰতীয় কনছুলেটে এই শোকাবহ ঘটনাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰি গভীৰ শোক প্ৰকাশ কৰে।

সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এক বাৰ্তাত কনছুলেটে কয়, “বিমান প্ৰশিক্ষণৰ সময়ত সংঘটিত এক হৃদয়বিদাৰক বিমান দুৰ্ঘটনাত তামিলনাডু আৰু পুডুচেৰীৰ দুই ভাৰতীয় ছাত্ৰ মনোজ শিৱকুমাৰ আৰু শ্ৰীচৰণ তিৰুগনানাচম্বনথমৰ অকাল বিয়োগত গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”

এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সহমৰ্মিতা জ্ঞাপন কৰাৰ লগতে নিহত দুয়োগৰাকী ছাত্ৰৰ নশ্বৰ দেহ ভাৰতলৈ ওভতাই অনাৰ প্ৰক্ৰিয়াত সকলো ধৰণৰ কনছুলাৰ সাহায্য প্ৰদান কৰা হ’ব বুলিও কূটনৈতিক মিছনটোৱে স্পষ্ট কৰে।

উচ্চশিক্ষা আৰু পেছাদাৰী বৈমানিক প্ৰশিক্ষণৰ বাবে বিদেশলৈ যোৱা দুই সম্ভাৱনাপূৰ্ণ যুৱকৰ এনে আকস্মিক মৃত্যুত গৃহৰাজ্য তামিলনাডু আৰু পুডুচেৰীতো গভীৰ শোকৰ ছাঁ পৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us