Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ক্ৰমাৎ জটিল হৈ পৰিছে সোণম ৱাংচুকৰ স্বাস্থ্য; জৰুৰী চিকিৎসাৰ দাবীৰে উচ্চ ন্যায়ালয়ত দাখিল আবেদন

ক্ৰমাৎ অধিক জটিল হৈ পৰিছে দেশৰ বিশিষ্ট পৰিৱেশকৰ্মী, উদ্ভাৱক আৰু শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত বিগত ১৮ দিন ধৰি অনশন ধৰ্মঘট পালন কৰি আছে ৱাংচুকে। এনে পৰিপ্ৰেক্ষিতত ধীৰে ধীৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জীৱনক লৈ গুৰুতৰ আশংকা প্ৰকাশ কৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে এজন...

প্ৰায় আধা ঘণ্টা পূৰ্বে পাতিছিল পৰিয়ালৰ সৈতে কথা! তাৰ পিছতে সূদুৰ সমুদ্ৰৰ বুকুত মৃত্যু ভাৰতীয় নাৱিকৰ

পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পতাৰ কেইটামান মুহূৰ্তৰ পিছতে সুদুৰ সমুদ্ৰৰ বুকুত মৃত্যুৰ কোলাত শুই পৰিল এজন ভাৰতীয় নাৱিক। ওমান উপকূলৰ সমীপৰ কৌশলগত হৰমুজ প্ৰণালীত এখন বাণিজ্যিক জাহাজত সংঘটিত আকাশী আক্ৰমণত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ পুণেৰ মাৰ্চেণ্ট নেভীৰ অভিযন্তা হেৰম্ভ কৰমৰকাৰে। ইৰান-আমেৰিকা সংঘাতৰ মাজতে সংঘটিত এই ঘটনাত আন কেইবাজনো ভাৰতীয় নাগৰিকো আহত হয়। ইয়াৰে দুজনৰ অৱস্থা...

ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ! মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, বানাক্ৰান্ত ৩৭ হাজাৰ

এফালে অব্যাহত আছে বৰষুণ, আনফালে দ্ৰুতগতিত বাঢ়িছে অসমত বানৰ প্ৰকোপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পোৱাৰ লগতে বানাক্ৰান্তৰ সংখ্যাও ৩৭ হাজাৰ অতিক্ৰম কৰিছে। বুধবাৰে এই তথ্য প্ৰকাশ কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ)। এএছডিএমএই জনায় যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰত বান-সম্পৰ্কীয় আন...

পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন আৱেগিক পত্ৰ প্ৰেৰণ কৰিলে কেতন আগৰৱালৰ মাতৃ ৰাখী আগৰৱালে। পত্ৰখনত ৰাখী আগৰৱালে লিখে যে, “প্ৰতিগৰাকী মাতৃৰ দৰেই মইও সপোন দেখিছিলোঁ, কেতনে সুন্দৰ জীৱন গঢ়িব,...

পাক অধিকৃত কাশ্মীৰত পুনৰ অগ্নিগৰ্ভ পৰিস্থিতি; পাক সেনাৰ গুলীত নিহত ৬ অসামৰিক লোক

পাক অধিকৃত কাশ্মীৰত পুনৰ জ্বলি উঠিছে জনৰোষ। বিগত কিছু মাহ ধৰি পাকিস্তানৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে এইবাৰ সাধাৰণ জনতাৰ ওপৰত গুলীচালনা কৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। এই ঘটনাত কমেও ৬ জন অসামৰিক লোক নিহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। নতুনকৈ সংঘটিত এই ৰক্তক্ষয়ী ঘটনাই পাকিস্তান অধিকৃত কাশ্মীৰত চলি থকা অস্থিৰ পৰিস্থিতিক আৰু অধিক তীব্ৰ কৰি...

অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ

অসমীয়া ছবিজগতৰ এটা উজ্জ্বল অধ্যায়ৰ অৱসান ঘটিল। সুদীৰ্ঘ অভিনয় জীৱনত ৰূপালী পৰ্দা আৰু টেলিভিছনৰ জৰিয়তে লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। অসুস্থ হৈ পৰাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰ শান্তিপুৰস্থিত...

ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি বিয়া; তাৰ পিছতে ৪০ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

সামাজিক মাধ্যমত পৰিচয়, তাৰ পিছত বিয়া। কিন্তু সংসাৰ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে ওলাই পৰিল এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ কাহিনী। নিজকে আইএএছ বিষয়া বুলি পৰিচয় দি এজন যুৱকক বিয়া কৰোৱা এগৰাকী মহিলাক এইবাৰ গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। বিয়াৰ পিছতে স্বামীৰ ওচৰত ৪০ লাখ টকা দাবী কৰাৰ লগতে মিছা গোচৰত ফচোৱাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে...

২০২৩ৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰত ২০.৫৩ কোটি টকাৰ ড্ৰাগছ জব্দঃ বিধানসভাত চৰকাৰৰ তথ্য

ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ চক্ৰ। এনে সময়তে সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰক লৈ সোমবাৰে বিধানসভাত এক গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে অসম চৰকাৰে। ড্ৰাগছ সৰবৰাহৰ অন্যতম কৰিডৰ হিচাপে পৰিগণিত এই জিলাখনত ২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৬ বৰ্ষৰ জুন মাহলৈ ২০.৫৩ কোটি টকাৰ ড্ৰাগছ...

ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ

ৰাম মন্দিৰত ভক্তৰ দান আত্মসাতৰ অভিযোগক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ৱাকফ সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী মুছলমান ধৰ্মগুৰুৱে। উত্তৰ প্ৰদেশৰ দুয়োখন ৱাকফ ব’ৰ্ডত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনালে অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি মৌলানা শ্বাহাবুদ্দিন ৰাজভী বাৰেলভীয়ে। সংবাদমেলত মৌলানা ৰাজভীয়ে কয়, “ৰাম মন্দিৰৰ দান কেলেংকাৰীৰ...

২৭ জনক বিদেশী ঘোষণা কৰা হাই ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ; নতুনকৈ শুনানিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি গ্ৰহণৰ নিৰ্দেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বিচাৰপতি বিক্ৰম নাথ আৰু বিচাৰপতি সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে যে নাগৰিকত্ব বা বিদেশী হিচাপে কাৰোবাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া...
1 17 18 19 20 21 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us