Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ

Table of Content

গণতান্ত্ৰিক মতভেদক দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি। – সোণম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াক লৈ এইদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এক পোষ্টত মমতা বেনাৰ্জীয়ে কয়, “সোণম ৱাংচুকে কেৱল আলোচনাহে বিচাৰিছিল। অথচ সপ্তাহৰ পিছত সপ্তাহ ধৰি তেওঁৰ আহ্বানৰ কোনো সঁহাৰি দিয়া হোৱা নাই। গণতন্ত্ৰত শান্তিপূৰ্ণ মতভেদক নীৰৱতাৰে নহয়, আলোচনাৰ জৰিয়তেহে সন্মুখীন হ’ব লাগে।”

দেশৰ অসংখ্য যুৱকৰ কণ্ঠস্বৰো একেদৰেই উপেক্ষিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, “তেওঁৰ কণ্ঠস্বৰ উপেক্ষা কৰা হৈছে। ঠিক সেইদৰে ভাৰতৰ অগণন যুৱকৰ কণ্ঠস্বৰো উপেক্ষিত হৈ আছে।”

ইয়াৰ লগতে সোণম ৱাংচুকক ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰৰ অনুমতি দিয়াৰ দাবীও উত্থাপন কৰে মমতা বেনাৰ্জীয়ে। প্ৰয়োজন হ’লে চিকিৎসাৰ ব্যয় বহন কৰিবলৈ নাগৰিকসকলক সুযোগ দিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে।

মমতা বেনাৰ্জীৰ ভাষ্য, “স্বচ্ছতা, জবাবদিহিতা আৰু গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সন্মানৰ জৰিয়তেহে জনবিশ্বাস গঢ়ি উঠে। শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰি বা আলোচনাৰ পৰা আঁতৰি থাকি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি।” তেওঁ আৰু কয়, “যি চৰকাৰে মতভেদক গণতান্ত্ৰিক দায়িত্ব হিচাপে নেদেখি ভাবুকি হিচাপে লয়, সেই চৰকাৰে জবাবদিহিতা এৰাই গৈ জনবিশ্বাস দাবী কৰিব নোৱাৰে।”

উল্লেখ্য যে, অনিৰ্দিষ্টকালীন অনশনৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত শনিবাৰে পুৱাই সোণম ৱাংচুকক যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰ কৰে দিল্লী আৰক্ষীয়ে। চফদৰজং চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ চাৰু বাম্বাই জানিবলৈ দিয়া মতে, দীঘলীয়া অনশনৰ ফলত তেওঁ দুৰ্বল হৈ পৰিছে আৰু সামান্য পানীশূন্যতাত ভুগিছে।

অৱশ্যে দিল্লী আৰক্ষীয়ে স্পষ্ট কৰে যে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই সোণম ৱাংচুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। এই পদক্ষেপক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰাৰ ঘোষণাও কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us