Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ছফদৰজং চিকিৎসালয়ৰ পৰা ওলোৱাৰ অনুমতি বিচাৰি ছোনম ৱাংচুকৰ পত্ৰ; ‘সংসদ চলো’ত অংশ লোৱাৰ ইচ্ছা

Table of Content

ছফদৰজং চিকিৎসালয়ত চিকিৎসাধীন অনশনকাৰী ছোনম ৱাংচুকৰ পৰৱৰ্তী কাৰ্যসূচীক লৈ সৃষ্টি হৈছে নতুন পৰিস্থিতি। চিকিৎসালয়ৰ পৰা সাময়িকভাৱে ওলাই সংসদ অভিমুখী ‘সংসদ চলো’ পদযাত্ৰাত অংশ ল’ব বিচাৰি চিকিৎসালয় কৰ্তৃপক্ষলৈ পত্ৰ লিখিছে জলবায়ু কৰ্মী ছোনম ৱাংচুকে।

সোমবাৰে ছফদৰজং হাস্পতালৰ সঞ্চালক তথা চিকিৎসা অধীক্ষকলৈ লিখা পত্ৰত ছোনম ৱাংচুকে উল্লেখ কৰে যে, তেওঁৰ স্বাস্থ্য বৰ্তমান ভাল আছে আৰু স্বাস্থ্য সম্পৰ্কীয় সূচকসমূহো স্বাভাৱিক অৱস্থাত আছে। সেইবাবেই পদযাত্ৰাত অংশ লোৱাৰ বাবে সাময়িকভাৱে চিকিৎসালয় এৰাৰ অনুমতি বিচাৰে তেওঁ।

পত্ৰখনত ছোনম ৱাংচুকে লিখে, “আজি মোৰ স্বাস্থ্য যথেষ্ট ভাল অনুভৱ হৈছে আৰু মোৰ স্বাস্থ্যৰ সূচকসমূহো যথেষ্ট স্বাভাৱিক দেখা গৈছে। সেয়েহে আজি পুৱা সংসদ অভিমুখী ‘সংসদ চলো’ পদযাত্ৰাত অংশ লোৱাৰ বাবে মোক সাময়িকভাৱে চিকিৎসালয় এৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছোঁ।”

ইয়াৰ পিছতে পত্ৰখন সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰি চিকিৎসালয়ত তেওঁৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাক লৈ প্ৰশ্ন উত্থাপন কৰে ছোনম ৱাংচুকে। তেওঁ দাবী কৰা অনুসৰি, আৰক্ষীয়ে যদি তেওঁক আটক কৰা হোৱা নাই বুলি কৈছে, তেন্তে চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ কাৰণ স্পষ্ট হোৱা উচিত।

ছোনম ৱাংচুকৰ এক্স হেণ্ডেলযোগে প্ৰকাশিত এক বাৰ্তাত লিখা হয়, “ছোনম ৱাংচুকে আপোনালোকৰ সৈতে যোগাযোগ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে। স্বাস্থ্য ভাল বুলি জনাই চিকিৎসালয়ত পত্ৰ দাখিল কৰিছে আৰু তেওঁক আটক কৰা হোৱা নাই বুলি কোৱা হৈছে। তেন্তে এই বাধা কিয়?”

ইফালে ছফদৰজং চিকিৎসালয়ে প্ৰকাশ কৰা স্বাস্থ্য বিৱৰণীত সদৰী কৰা মতে, ছোনম ৱাংচুকৰ শাৰীৰিক সূচকসমূহ স্থিৰ হৈ আছে। অৱশ্যে ৰক্ত সম্পৰ্কীয় সূচকসমূহৰ ওপৰত নিবিড় চিকিৎসা পৰ্যবেক্ষণ অব্যাহত ৰখাৰ প্ৰয়োজন আছে।

চিকিৎসালয় কৰ্তৃপক্ষই আৰু সদৰী কৰে যে, বিশেষজ্ঞ চিকিৎসকৰ বহুমুখী দলে ছোনম ৱাংচুকৰ চিকিৎসা অব্যাহত ৰাখিছে আৰু তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে।

উল্লেখযোগ্য যে, অনশনৰ ২১ সংখ্যক দিনত দিল্লী আৰক্ষীয়ে ছোনম ৱাংচুকক যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা ছফদৰজং চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পিছতে তেওঁৰ পত্নী গীতাঞ্জলি জে আংমোৱে দিল্লী উচ্চ ন্যায়ালয়ত আপীল দাখিল কৰি চিকিৎসা ব্যৱস্থা আৰু চলাচলৰ ক্ষেত্ৰত আৰোপ কৰা বিধিনিষেধক প্ৰত্যাহ্বান জনাইছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us