গুৱাহাটীত ভুৱা হলমাৰ্ক থকা গহনা বিক্ৰী: BIS ৰ অভিযানত M/s Roy Gahanalaya জব্দ
আজি ভাৰতীয় মানক ব্যুৰো (BIS) ৰ বিষয়াসকলে গুৱাহাটীৰ পানবজাৰৰ SC গোস্বামী ৰোডত অৱস্থিত M/s Roy Gahanalaya নামৰ এটা অলংকাৰৰ দোকানত তালাচী আৰু জব্দ অভিযান চলায়। BIS হলমাৰ্কৰ অপব্যৱহাৰ সন্দৰ্ভত পোৱা অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হয়। BIS ৰ প্ৰৱৰ্তন দলৰ তদন্তত প্ৰকাশ পাইছে যে দোকানখনত ভুৱা BIS হলমাৰ্ক থকা সোণৰ গহনা বিক্ৰী কৰা হৈছিল বুলি...








