Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

যাদুমণি সিঙে ভাৰতলৈ কমনৱেলথ ৰূপৰ পদক উপহাৰ দিলে

মণিপুৰ বক্সাৰ যাদুমণি সিং মাণ্ডেংবামে শনিবাৰে কমনৱেলথ গেমছ ২০২৬ৰ পুৰুষৰ ৫ কেজি শ্ৰেণীৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ জাই ডিক্সনৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰিছে। গ্লাছগোৰ স্কটিছ ইভেন্ট কেম্পাছত অনুষ্ঠিত ফাইনেলত যাদুমণি ০-৫ পইণ্টত একমত সিদ্ধান্তত পৰাজিত হয়। স্বৰ্ণ পদক হেৰুৱালেও তেওঁৰ ৰূপৰ পদক অৰ্জনে মণিপুৰ আৰু ভাৰত দুয়োৰে বাবে এক গুৰুত্বপূৰ্ণ সাফল্য কঢ়িয়াই আনিছে। ৫০...

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত গুৱাহাটীৰ মছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সাতদিনীয়া “গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬” সফলতাৰে সামৰণি পৰে।এই কৰ্মশালাত চিত্ৰকলা আৰু হস্তশিল্প, পৰম্পৰাগত সংগীত (কণ্ঠ সংগীত), সত্ৰীয়া নৃত্য, ভোৰতাল, বিহু নৃত্য, যোগ আৰু ধ্যান আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ মুঠ ২৩৪ গৰাকী শিক্ষাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ...

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ  উদ্যোগত  , ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডল কমিটি আৰু  শিমলুগুৰী শাখা কমিটিৰ  সহযোগত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত ২৯ জুলাইত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াৰ...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ সন্মান সাহিত্য সভাৰ; ‘জুবিন সংগীত’ হিচাপে স্বীকৃতি সকলো গীতক

অসমীয়া সংগীতৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে অসম সাহিত্য সভাই। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অসাধাৰণ সংগীত সাধনাৰ স্বীকৃতি স্বৰূপে তেওঁলৈ মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি আগবঢ়োৱাৰ লগতে তেওঁৰ ৰচনা কৰা সকলো গীতক ‘জুবিন সংগীত’ হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত নাহৰ শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত অনুষ্ঠানত এই ঘোষণা...

সেউজ অসমৰ খোজ: CBG নীতিত ভূমি, সুদ আৰু Capital Subsidy ঘোষণা

ৰাজ্য কেবিনেটে শুক্ৰবাৰে ‘অসম সংকুচিত বায়’গেছ (CBG) নীতি, ২০২৬’ অনুমোদন জনাইছে। পৰিষ্কাৰ শক্তিৰ প্ৰচাৰ আৰু ৰাজ্যত এই খণ্ডৰ উন্নয়নৰ বাবে এক সামগ্ৰিক কাঠামো গঠন কৰাই এই নীতিৰ লক্ষ্য। কেন্দ্ৰৰ Model State CBG Policy ৰ সৈতে সংগতি ৰাখি এই নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে এই সামগ্ৰিক কাঠামো ডিজাইন কৰা...

মুখ্যমন্ত্ৰীৰ ঘোষণা: বানত ক্ষতিগ্ৰস্ত ব্যৱসায়ীক ১০ হাজাৰ, কৃষক আৰু SHG ৰ বাবেও ৰেহাই

শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অসম চৰকাৰে কেইবাটাও বিত্তীয় সকাহৰ ব্যৱস্থা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে ৬ মাহৰ ঋণ পৰিশোধত স্থগিতাদেশ, বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ বিত্তীয় সাহায্য আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে অতিৰিক্ত ঋণৰ ব্যৱস্থা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে উচ্চ অসমত বানত ক্ষতিগ্ৰস্ত পৰিয়াল, কৃষক, ব্যৱসায়ী আৰু স্বসহায়ক গোটৰ বিত্তীয় বোজা কমাবলৈ ৰাজ্যিক স্তৰীয়...

লক্ষীমপুৰ ৰংগনাদি সমষ্টিত সিঙৰা নদীৰ বানপানী, ৰাস্তা-ঘৰ-খেতি পানীত তল যোৱা

প্ৰতিবেশী অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত বৃহস্পতিবাৰে সিঙৰা নদীৰ সোঁ-পাৰ বান্ধ ভাঙি যায়। ফলত অসমৰ লক্ষীমপুৰ জিলাৰ নৱগঠিত ৰংগনাদি বিধানসভা সমষ্টিৰ (LAC) অন্তৰ্গত কেইবাখনো গাঁও জলমগ্ন হৈ পৰে।স্থানীয় লোকৰ মতে, দিনৰ পুৱাৰ ভাগত ফুলবাৰী বস্তিৰ ওচৰত বান্ধটো ভাঙি যায়। ফলত পানীৰ তীব্ৰ সোঁতে নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত...

বান পৰিস্থিতিত সহায়ৰ হাত আগবঢ়োৱা স্বেচ্ছাসেৱকক কৃতজ্ঞতা গৌৰৱ গগৈৰ; কৰিলে ৰাইজৰ ঐক্যৰ প্ৰশংসা

উজনি অসমৰ বান বিভীষিকাই হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন বিপৰ্যস্ত কৰি তোলা সময়ত অসহায় মানুহৰ কাষত থিয় দিয়া স্বেচ্ছাসেৱক, তৃণমূল পৰ্যায়ৰ সংগঠন আৰু সাধাৰণ ৰাইজৰ ভূমিকাক প্ৰশংসাৰে স্মৰণ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। ভয়ংকৰ দুৰ্যোগৰ মাজতো সহায়-সাহায্য, ঔষধ আৰু আশাৰ বতৰা বানাক্ৰান্ত লোকৰ ওচৰলৈ লৈ যোৱাত এইসকল লোকৰ অৱদান অনন্য আছিল বুলিও তেওঁ উল্লেখ কৰে। সামাজিক...

বিধ্বংসী বানত এতিয়ালৈকে ৩১জনৰ প্ৰাণহানি, তিনি সন্ধানহীন ;৩৮৫খন গাঁৱৰ ৪লাখ

শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱা ১৯জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে  শিৱসাগৰ জিলাত ৩৮৫খন গাঁৱৰ চাৰি লাখ তিনি হেজাৰ ১৩৪ গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১জন লোকৰ প্ৰাণহানি হৈছে আৰু তিনিজন সন্ধানহীন হৈ আছে।আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত এক সংবাদ মেল সম্বোধন কৰি উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান ইত্যাদি বিভাগৰ...

বেতকুচিত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত খুন্দা মাৰি নিহত দুজন

এটা মুহূৰ্তৰ অসাৱধানতাই নিমিষতে কাঢ়ি লৈ গ’ল দুটাকৈ জীৱন। গুৱাহাটীৰ বেতকুচিত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। দ্ৰুতবেগী এখন ট্ৰাকে পথৰ কাষত থিয় হৈ থকা আন এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চলন্ত ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই থিয়...
1 20 21 22 23 24 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us