Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মৰ্গত স্থানৰ অভাৱ! নেপালৰ বানত নিহত শ শ অচিনাক্ত মৃতদেহ সংৰক্ষণৰ বাবে জংঘলত বিজ্ঞানসন্মত সৎকাৰ প্ৰক্ৰিয়া আৰম্ভ

Table of Content

প্ৰতিদিনেই বৃদ্ধি পাইছে মৃতকৰ সংখ্যা, যাৰ ফলত শ শ মৃতদেহেৰে এতিয়া ভৰি পৰিছে চিকিৎসালয়ৰ মৰ্গ। এনে সময়ত মৰ্গত ঠাইৰ চৰম অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া জংঘলৰ মাজত পুতি থ’বলগীয়া হৈছে শ শ অচিনাক্ত মৃতদেহ।

পাহাৰীয়া দেশ নেপালত শেহতীয়া আকস্মিক বানে সৃষ্টি কৰা প্ৰলয়ংকৰী দুৰ্যোগৰ পিছত ত্ৰিশূলী আৰু নাৰায়ণী নদীৰ পাৰৰ পৰা উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহসমূহ চিতৱানৰ এখন সংৰক্ষিত বনাঞ্চলত বিশেষ পদ্ধতিৰে পুতি থোৱাৰ ব্যৱস্থা আৰম্ভ কৰিছে প্ৰশাসনে। ভৱিষ্যতে পৰিয়ালে যাতে নিজৰ আত্মীয়ৰ মৃতদেহ চিনাক্ত কৰি উদ্ধাৰ কৰিব পাৰে, তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ প্ৰট’কল মানি প্ৰতিটো দেহৰ ডিএনএ নমুনা সংগ্ৰহৰ লগতে একোটাকৈ নিৰ্দিষ্ট ক’ড নম্বৰ ব্যৱহাৰ কৰিছে উদ্ধাৰকাৰী দলে।

ঘটনাস্থলীত উপস্থিত থকা নেপালৰ এগৰাকী চৰকাৰী বিষয়াই সদৰী কৰা মতে, ফিচলিঙৰ পৰা ঘুমঘাট আৰু ত্ৰিবেণীলৈকে নদীৰ পাৰৰ পৰা উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত ইতিমধ্যে ৬টা চিনাক্ত কৰি পৰিয়ালক হস্তান্তৰ কৰা হৈছে। কিন্তু অৱশিষ্ট বৃহৎসংখ্যক মৃতদেহ ৰাখিবলৈ হিমাগাৰ বা মৰ্গত স্থান নথকাৰ বাবে মাটিত বিজ্ঞানসন্মতভাৱে সৎকাৰৰ সিদ্ধান্ত লোৱা হয়।

প্ৰতিটো মৃতদেহৰ হাত বা ভৰিত মচিব নোৱৰা বিশেষ চিনাক্তকৰণ টেগ লগোৱা হৈছে, য’ত ‘BHF-01’, ‘BHF-02’ আদিৰ দৰে ক্ৰমিক ক’ড উল্লেখ থাকিব। ইয়াৰ উপৰিও স্থানসমূহ জি পি এছ মেপিঙৰ জৰিয়তে সংৰক্ষিত কৰি ওপৰত নম্বৰ সম্বলিত পকী খুঁটি নিৰ্মাণ কৰা হৈছে, যাতে ডিএনএৰ মিল হ’লে পৰিয়ালৰ লোকে সহজে মৃতদেহ চিনাক্ত কৰি চমজি ল’ব পাৰে।

নেপাল আৰক্ষীৰ শেহতীয়া তথ্য অনুসৰি, দেওবাৰৰ বিয়লি ৩ বজালৈকে বানপানীৰ ফলত নিহত ৭৮৮ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিতৱান জিলাতেই সৰ্বাধিক ২৬৪ জন, পূব নাৱালপাৰাচিত ১৯৪ জন আৰু পশ্চিম নাৱালপাৰাচিত ১২০ জন লোকৰ মৃত্যু হৈছে।

আনহাতে দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বৰ্তমানেও ২,৫০২ গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰ অভিযানৰ বাবে ২০,০০০ সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে আৰু হেলিকপ্টাৰেৰে ৩,০৮১ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা সন্ধানহীন লোকসকলৰ পৰিয়ালক জিলা চিকিৎসালয়সমূহত ডিএনএ নমুনা জমা দিবলৈ আহ্বান জনোৱা হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us