Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

Table of Content

পৰিবহণ খণ্ডৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ স্তব্ধ কৰি ৰাজপথলৈ ওলাই আহিল শতাধিক অনলাইন বাহনৰ চালক। ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত অনিৰ্দিষ্টকালৰ বাবে অনলাইন কেব সেৱা বন্ধ ঘোষণা কৰে চালক সন্থাসমূহে। অ’লা, উবেৰ, ৰেপিড’ চালক সমাজ আৰু ই-ভি অটো চালক সংস্থাই যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত কোনো সৰ্বসন্মত সমাধানসূত্ৰ নোলোৱাৰ পাছতেই পুৱা ৫ বজাৰ পৰা এই সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। চালক সংস্থাসমূহে মহানগৰীৰ প্ৰতিটো পথৰ বাবে সমহাৰত ভাড়া নিৰ্ধাৰণ কৰা আৰু ব্যক্তিগত বাহনৰ অবৈধ বাণিজ্যিক ব্যৱহাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও গুৱাহাটীত এপ-ভিত্তিক কোম্পানীসমূহৰ স্থায়ী কাৰ্যালয় স্থাপন কৰাৰ বিষয়টোত চৰকাৰৰ হস্তক্ষেপ দাবী কৰে প্ৰতিবাদকাৰীসকলে।

নথি-পত্ৰ নৱীকৰণৰ অত্যাধিক খৰচ বৃদ্ধি হোৱাৰ পাছতো কোম্পানীসমূহে চালকসকলক উপযুক্ত মজুৰিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তোলে সংগঠনে। হঠাতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত মহানগৰীত চলাচল কৰা দৈনিক যাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখীন হয়। সমস্যা সমাধানৰ বাবে চৰকাৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে এই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে চালক সমাজে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us