Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Assam

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

উজনি অসমৰ বান পৰিস্থিতি; বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজৰ দাবীত প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ

উজনি অসমৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে বিশেষ সাহায্য আৰু পুনৰসংস্থাপন পেকেজৰ দাবী জনাইছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত বানৰ ফলত সৃষ্টি হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰি যোৱা ৩০ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে।...

জিঅ’ টেগড ফটোৰে বানক্ষতিৰ জৰীপ: স্বচ্ছ পুনৰ্স্থাপনৰ বাবে চৰকাৰৰ নতুন পদক্ষেপ

বানক্ষতিৰ দ্ৰুত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ মূল্যায়ন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কনভেনচন চেণ্টাৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ বাবে ডিজিটেল জৰীপ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। শেহতীয়া ভয়ংকৰ বানত এই চাৰিটা জিলাৰ ক্ষতিগ্ৰস্ত লোকৰ হোৱা লোকচানৰ বৈজ্ঞানিক আৰু সামগ্ৰিক মূল্যায়নৰ সুবিধাৰ্থে এই প্ৰশিক্ষণ কাৰ্যসূচী...

গুৱাহাটীত মুকলি হ’ল জনগণনা ২০২৭ৰ গীত; জুবীন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীত আজি অনুষ্ঠিত এক কাৰ্যসূচীত জনগণনা কাৰ্য্যালয়, অসম (DCO) -এ চৰকাৰীভাৱে জনগণনা ২০২৭ৰ থিম ছং মুকলি কৰে। এই অনুষ্ঠানে জনগণনা ২০২৭ৰ জনসজাগতা অভিযানৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে। ৰাজ্যৰ সকলো নাগৰিকক জনগণনা প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই অভিযানৰ মূল লক্ষ্য। প্ৰয়াত কিংবদন্তি গায়ক জুবীন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি হিচাপে চাকি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভ...

দৰমহাক লৈ কোনো সমস্যা নাই, দুদিনৰ ভিতৰতে পাবঃ নিয়মীয়া শিক্ষকৰ দৰমহা বিলম্বক লৈ আশ্বাস শিক্ষামন্ত্ৰীৰ

নিয়মীয়া নিযুক্তি লাভ কৰাৰ পিছতো চলিত মাহৰ দৰমহা লাভ নকৰাত উদ্বিগ্ন হৈ পৰা শিক্ষকৰ আশংকা দূৰ কৰিবলৈ আগবাঢ়ি আহিল শিক্ষা বিভাগ। সৰ্বশিক্ষা অভিযানৰ অধীনত ঠিকাভিত্তিকভাৱে কাম কৰি বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিয়মীয়া নিযুক্তি লাভ কৰা শিক্ষকসকলৰ দৰমহা বিলম্ব সাময়িকহে বুলি বৃহস্পতিবাৰে স্পষ্ট কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষকসকলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহি বিষয়টো আলোচনা কৰাৰ পিছত...

খেলপথাৰত বজ্ৰপাতৰ বিভীষিকা! মেচ চলি থকাৰ মাজতে প্ৰাণ গ’ল যুৱ ফুটবলাৰৰ

খেলৰ উত্তেজনাৰ মাজতে নিমিষতে নামি আহিল মৃত্যুৰ বিভীষিকা! ৰোমাঞ্চকৰ ফুটবল মেচ চলি থকাৰ সময়তে হঠাতে খেলপথাৰত বজ্ৰপাত হোৱাত গাত বজ্ৰাঘাত লাগে এগৰাকী যুৱ ফুটবলাৰৰ। গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও শেষত মৃত্যু ঘটে ২৪ বছৰীয়া ফুটবলাৰ ছাফৱান আৱাইৰ। এই ঘটনাত আন ১২ গৰাকী খেলুৱৈ আৰু ব্যক্তি আহত হয়। থাইলেণ্ডৰ নাৰাথিৱাট প্ৰদেশৰ চান্তিফাপ ষ্টেডিয়ামত আয়োজিত...

“প্ৰতিটো পীড়িত পৰিয়ালৰ লগত আছে কেন্দ্ৰ”: অসম-নাগালেণ্ডত JP Nadda

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Naddaই আজি অসম আৰু নাগালেণ্ডৰ বান আৰু ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি হিচাপে দুয়োখন বিপৰ্যয়গ্ৰস্ত ৰাজ্যৰ পৰিস্থিতিৰ বুজ ল’বলৈ Nadda অসমলৈ আহে। অসমত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলা পৰিদৰ্শন কৰে। “আজি অসমৰ বানপীড়িত...

কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ বাৰ্তা: ২২৩ গ্ৰাম হেৰ’ইনসহ কোটি কোটিৰ নিচা জব্দ

আচাম আৰক্ষী আৰু আচাম ৰাইফলছৰ যুটীয়া অভিযানত কাছাৰ জিলাত প্ৰায় ২৮ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে আৰু ৩ জন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আচামৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, এই অভিযানত প্ৰায় ১.১ লাখ ইয়াবা টেবলেট আৰু ২২৩ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছে। মঙলবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে...

নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা

জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি নতুন চর্চাৰ সূচনা হৈছে। বুধবাৰে দায়িত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰে প্ৰশাসনিক জীৱনৰ এক উল্লেখযোগ্য অধ্যায় সামৰে দেৱাশিষ শৰ্মাই। দেৱাশিষ শৰ্মাই নগাঁও জিলাৰ আয়ুক্ত পদৰ লগতে...

মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ

হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে কথা কোৱা লোক মানুহেই নহয়, জন্তুতকৈও অধম। বন্যাৰ্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পিছত বদৰুদ্দিন আজমলে কয়, “আপুনি হিন্দুও নহ’ব, মুছলমানো নহ’ব। আপুনি মানুহৰ সন্তান।...

নিজৰ লাইফ জেকেট খুলি ৰক্ষা কৰিলে কৃষকৰ জীৱন! পিছে বানৰ কোবাল সোঁতত নিজেই হেৰাল স্বেচ্ছাসেৱক ৰাজেশ

ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি থকা লাইফ জেকেটটো খুলি দিয়াত কৃষকজনৰ প্ৰাণ ৰক্ষা পৰে। কিন্তু কৃষকজনক সুৰক্ষিত স্থানলৈ লৈ অহাৰ প্ৰচেষ্টাৰ মাজতে প্ৰবল সোঁতে উটুৱাই নিয়ে স্বেচ্ছাসেৱক আৰ ৰাজেশক। মঙলবাৰে...
1 18 19 20 21 22 33

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us