Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

Table of Content

পত্নীক নৃশংসভাৱে হত্যা কৰিও তিলমানো অনুশোচনা নাই হত্যাকাৰী ৰামানুজ গোস্বামীৰ। বেলতলাৰ বশিষ্ঠপুৰৰ নিজ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছাসক্ত হত্যাকাৰীজন এইচ আই ভি পজিটিভ বুলি পোহৰলৈ আহিছে। এটা নিচামুক্তি কেন্দ্ৰৰ সৈতে জড়িত সিদ্ধাৰ্থ প্ৰতিম দত্ত নামৰ এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিগত পাঁচ বছৰত কে’বাবাৰো নিচামুক্তি কেন্দ্ৰত আশ্ৰয় লোৱা ৰামানুজ এইচ আই ভি আক্ৰান্ত আছিল আৰু ইয়াৰ নিয়মীয়া ঔষধ খাই আছিল।

বিয়াৰ পূৰ্বে ৰামানুজৰ এই অসুস্থতা আৰু ড্ৰাগছ আসক্তিৰ বিষয়ে অৱগত নাছিল পত্নী ৰিয়া। পৰৱৰ্তী সময়ত এই কথা পোহৰলৈ অহাত দুয়োৰে মাজত সঘনে কাজিয়াৰ সৃষ্টি হৈছিল। কিন্তু পিতৃ-মাতৃ নথকা ৰিয়াই সকলো সহ্য কৰিয়েই সংসাৰ আগবঢ়াই নিয়াৰ চেষ্টা চলাইছিল। এই পাৰিবাৰিক সংঘাতৰ মাজতে আন পুৰুষৰ সৈতে পত্নী ৰিয়াৰ সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল ৰামানুজে। আৰু এই কাৰণতে ৩ ছেপ্টেম্বৰৰ পুৱতি নিশা পত্নীক অতি বৰ্বৰভাৱে হত্যা কৰে। হত্যাৰ পিছত মৃতদেহৰ সৈতে একেটা ঘৰতে তিনিটা দিন কটাই যোৱা দেওবাৰে নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অভিযুক্তই।

ইপিনে, সাত দিনৰ বাবে হাতীগাঁও থানাৰ জিম্মাত থকা হত্যাকাৰীজনে আৰক্ষীৰ সন্মুখতে প্ৰদৰ্শন কৰে নিজৰ উগ্ৰ মেজাজ। আৰক্ষীৰ জিম্মাৰ পৰাই ভাবুকি দি ৰামানুজে কয়, “মোৰ মাইকীতো কাটিছো, জেলৰ পৰা ওলাব পাৰিলে ছুগাৰ ডেডীকো কাটিম।” স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তো কোনো অনুশোচনা প্ৰকাশ নকৰি “ন’ ৰিগ্ৰেট, ন’ এপ’লজি, বহুত ভাল লাগিছে” বুলি সংবাদ মাধ্যমৰ আগত দাম্ভিক মন্তব্য কৰে হত্যাকাৰীজনে।

উল্লেখ্য যে, ধুবুৰী জিলাৰ গৌৰীপুৰৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান ৰামানুজৰ পিতৃ তৰুণ কুমাৰ গোস্বামী সমাজ কল্যাণ বিভাগৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। গুৱাহাটীৰ বশিষ্ঠপুৰৰ ৪ নং উপ-পথৰ নিজা ফ্লেটত পত্নীৰ সৈতে বসবাস কৰিছিল ড্ৰাগছাসক্ত ৰামানুজ। এতিয়া হাতীগাঁও থানাৰ আৰক্ষীয়ে সময়মতে এক নিশ্ছিদ্ৰ অভিযোগনামা আদালতত দাখিল কৰাৰ ওপৰতহে নিৰ্ভৰ কৰিব এই বৰ্বৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তি।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us