Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

Table of Content

এগৰাকী মেধাৱী ছাত্ৰীক আইনবিৰুদ্ধভাৱে কাৰাৰুদ্ধ কৰি আদালতৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’ল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপম। গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশগৰাকীৰ এনে পদক্ষেপে উত্তৰ প্ৰদেশক জৰ্জ অৰৱেলৰ কাল্পনিক দমনমূলক সমাজলৈ অৰ্থাৎ ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ঠেলি দিব পাৰে বুলি মন্তব্য কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ সমাজকৰ্মী ছাত্ৰী আকৃতি চৌধুৰীৰ ওপৰত আৰোপ কৰা কঠোৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এ খাৰিজ কৰে আদালতে। লগতে ডি এম মেধা ৰূপমকে ধৰি সংশ্লিষ্ট আৰক্ষী বিষয়াৰ ব্যক্তিগত দৰমহাৰ পৰা ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে বিচাৰপীঠে।

ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অচল সচদেৱৰ খণ্ডপীঠে স্পষ্ট কৰে যে কোনো তথ্য-প্ৰমাণ অবিহনেই বিবেকহীনভাৱে এই কঠোৰ আইন প্ৰয়োগ কৰা হৈছিল। ইয়াৰ দ্বাৰা সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত প্ৰদত্ত নাগৰিকৰ ব্যক্তিগত স্বাধীনতাৰ মৌলিক অধিকাৰ উলংঘা হৈছে। জৰ্জ অৰৱেলৰ উপন্যাসৰ চৰকাৰী দমন আৰু চোৰাংচোৱাগিৰিৰ প্ৰসংগ টানি আনি আদালতে কয় যে আমোলাতন্ত্ৰৰ এই স্বৈৰাচাৰী কাৰ্যকলাপ গণতন্ত্ৰৰ বাবে অত্যন্ত বিপদজনক।

উল্লেখ্য যে, যোৱা এপ্ৰিল মাহত নয়দাত উন্নত মজুৰিৰ দাবীত শ্ৰমিকসকলে সাব্যস্ত কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আকৃতি চৌধুৰী। পৰৱৰ্তী সময়ত ১৩ মে’ত উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত জিলা দণ্ডাধীশ মেধা ৰূপমে তেওঁৰ বিৰুদ্ধে এন এছ এ আৰোপ কৰে। যাৰ পৰিণতিত বিগত পাঁচটা মাহ বিনা দোষত কাৰাগাৰৰ অন্ধকাৰত কটাবলগীয়া হয় ছাত্ৰীগৰাকীয়ে।

শুনানিৰ সময়ত বিচাৰপীঠে ক্ষোভ ব্যক্ত কৰি কয় যে নাগৰিকৰ বাক-স্বাধীনতা কাঢ়ি ল’বলৈকে এগৰাকী শিক্ষাৰ্থীক শক্তি প্ৰদৰ্শনৰ লক্ষ্য সজা হৈছে। আমোলা আৰু আৰক্ষী বিষয়াৰ আনুগত্য কোনো ৰাজনৈতিক কাৰ্যবাহীৰ প্ৰতি নহয় বৰঞ্চ সংবিধানৰ প্ৰতিহে থাকিব লাগে বুলি সোঁৱৰাই দিয়ে আদালতে। ইফালে ডি এম মেধা ৰূপম আৰু ভুৱা নথি প্ৰস্তুত কৰা আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে ন্যায়ালয়ৰ এই অসন্তুষ্টি তেওঁলোকৰ সেৱা নথিপত্ৰত সন্নিৱিষ্ট কৰিবলৈও নিৰ্দেশনা জাৰি কৰে উচ্চ ন্যায়ালয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us