পথিকৰ উদ্যোগত গুৱাহাটীত পদপথত বাস কৰা লোকৰ বাবে জনকল্যাণমূলক কাৰ্যসূচী
অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ এন জি চি , যোৰহাটৰ সহযোগত জনকল্যাণমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা তিনিদিনীয়া সূচীৰে গুৱাহাটীৰ পদপথত জীৱন নিৰ্বাহ কৰা বয়োজ্যেষ্ঠ লোক সকলৰ বাবে আঁঠুৱা বিতৰণ, পৰিচৰ্য্যা আৰু স্বচ্ছতাৰ সজাগতা অনুষ্ঠান আৰম্ভ কৰা হয়। আজি পুৱাৰ ভাগত উলুবাৰী আৰু লাচিত নগৰৰ কাষৰীয়া...








