ডাৰউইনৰ মাৰাৰা ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত বাংলাদেশৰ ২৬ বছৰীয়া পেচাৰ হাছান মাহমুদে এক ঐতিহাসিক বলিং প্ৰদৰ্শনৰে অষ্ট্ৰেলিয়া দলক স্তম্ভিত কৰি তুলিছে। হাছানে মাত্ৰ ৫৫ ৰান হেৰুৱাই ৬টা উইকেট দখল কৰে, যাৰ ফলত আয়োজক অষ্ট্ৰেলিয়া মাত্ৰ ১৯৮ ৰানতে অল-আউট হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ এইটোৱেই সৰ্বনিম্ন স্ক’ৰ। ক্ৰিকবাজে উল্লেখ কৰা অনুসৰি, টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬টা উইকেট লোৱা হাছান মাহমুদ হৈছে প্ৰথমগৰাকী বাংলাদেশী বলাৰ।
হাছানে অষ্ট্ৰেলিয়াৰ অপেনাৰ ট্ৰেভিছ হেড (২২) আৰু জেক ৱেদাৰেল্ডক (২৩) সোনকালে পেভিলিয়নলৈ পঠিয়াই আৰম্ভণিতেই আঘাত দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৭১ ৰান কৰা অধিনায়ক তথা তাৰকা বেটছমেন ষ্টিভ স্মিথো হাছান মাহমুদৰ হাতত আউট হয়। হাছানে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স (৯), মিচেল ষ্টাক (১), আৰু নাথান লায়নক (৭) আউট কৰি অষ্ট্ৰেলিয়াৰ নিম্নক্ৰম সম্পূৰ্ণৰূপে ধ্বংস কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত ৬টা উইকেট লোৱা প্ৰথম বাংলাদেশী বলাৰ।টেষ্ট ক্ৰিকেটত এইখন তেওঁৰ তৃতীয়টো পাঁচ উইকেটৰ সাফল্য । বাংলাদেশৰ পেচাৰসকলৰ ভিতৰত শ্বাহাদাত হোছেইনৰ (৪ বাৰ) পিছতে তেওঁ দ্বিতীয় স্থানত আছে।
বিশেষভাৱে উল্লেখনীয় যে, হাছানৰ তিনিওটা ৫ উইকেটৰ সাফল্যই বিদেশী মাটিত আহিছে।২০২৪ চনত টেষ্টত অভিষেক ঘটা এইগৰাকী সোঁহতীয়া পেচাৰে বৰ্তমানলৈকে ১৫খন টেষ্টত ২৯.৭১ গড়ত ৪২টা ৱিকেট সংগ্ৰহ কৰিছে। ইয়াৰে ৩০টা উইকেট তেওঁ বিদেশী মাটিত খেলা ৯খন মেচতে লাভ কৰিছে। পাকিস্তান, ভাৰত আৰু অষ্ট্ৰেলিয়া—এই তিনিখন শক্তিশালী দেশৰ বিৰুদ্ধে তেওঁৰ এই ৫ উইকেটৰ অভিলেখ আছে।








