Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাতদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

Table of Content

অসম সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সহযোগত গুৱাহাটীৰ মছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত সাতদিনীয়া “গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬” সফলতাৰে সামৰণি পৰে।এই কৰ্মশালাত চিত্ৰকলা আৰু হস্তশিল্প, পৰম্পৰাগত সংগীত (কণ্ঠ সংগীত), সত্ৰীয়া নৃত্য, ভোৰতাল, বিহু নৃত্য, যোগ আৰু ধ্যান আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৪ বছৰৰ পৰা ১৮ বছৰ বয়সৰ মুঠ ২৩৪ গৰাকী শিক্ষাৰ্থীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছিল । আনহাতে ২৩ জুলাইত অনুষ্ঠিত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম সংস্কৃতিক ন্যাসৰ সামাজিক-সাংস্কৃতিক সমিতিৰ উপদেষ্টা বলিন বৰদলৈ উপস্থিত থাকে।

অনুষ্ঠানত অসম সংস্কৃতিক ন্যাসৰ সামাজিক -সাংস্কৃতিক সমিতিৰ অধ্যক্ষ খালিদ উমৰে অংশগ্ৰহণ কৰি কৰ্মশালাৰ শুভাৰম্ভ ঘোষণা কৰে। কৰ্মশালাৰ অংশ হিচাপে ২৭ জুলাইত শিশু আৰু অভিভাৱকসকলৰ বাবে “শিশু মনোবিজ্ঞান আৰু শিশু অধিকাৰ সুৰক্ষা” বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে সদস্যা, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা মৌচুমী ব্ৰহ্মই। আনহাতে ২৯ অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসম সংস্কৃতিক ন্যাসৰ সচিব তথা আহ্বায়ক ইফতিকাৰ আলীয়ে ভাষণ প্ৰসংগত শিশুসকলৰ সৃষ্টিশীলতাক বিকশিত কৰাৰ লগতে নিজৰ সাংস্কৃতিক শিপাৰ প্ৰতি গৌৰৱবোধ গঢ়ি তোলাৰ বাবে আহ্বান জনায়।

তেওঁ কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসম সাংস্কৃতিক ন্যাসৰ সামাজিক-সাংস্কৃতিক সমিতিৰ অধ্যক্ষ খালিদ উমৰে আদৰণি ভাষণ প্ৰদান কৰি কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে উপস্থিত বিশিষ্ট অতিথি আৰু সহযোগীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে গ্ৰীষ্মকালীন কৰ্মশালাখনৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰে ৰমজান আলীয়ে। শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে ।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us