এছিয়ান গেমছ হকী: বাংলাদেশক পৰাস্ত কৰি ছেমিফাইনেলত ভাৰত
ডিফেন্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ হকী দলে সোমবাৰে অনুষ্ঠিত নিজৰ চূড়ান্ত গ্ৰুপ মেচত বাংলাদেশক ১০-০ ৰ ব্যৱধানত পৰাস্ত কৰি এছিয়ান গেমছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ধাৰাসাৰ বৰষুণ আৰু পানীৰে ভৰি পৰা খেলপথাৰৰ প্ৰত্যাহ্বান নেওচি ভাৰতীয় দলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়। এই জয়ৰ লগে লগে অহা ১ অক্টোবৰত হ’বলগীয়া ছেমিফাইনেলত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’বলৈ সাজু হৈছে ভাৰত। অধিনায়ক...








