Trending:
/ Oct 01, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

এছিয়ান গেমছৰ পৰা খালি হাতেৰে উভতিল মনু ভাকৰ

Table of Content

দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতীয় শ্বুটাৰ মনু ভাকৰৰ এছিয়ান গেমছৰ অভিযানত পুনৰ বিপৰ্যয়। মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হৈ অভিজ্ঞ শ্বুটাৰগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা খালি হাতেৰে বিদায় ল’বলগীয়া হৈছে। আনফালে, এছা সিঙে ফাইনেল-৮ত নিজৰ স্থান সুৰক্ষিত কৰি ভাৰতৰ পদকৰ আশা সজীৱ ৰাখিছে।

সোমবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত মনু ভাকৰে ৫৭৯ স্ক’ৰহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়, যাৰ ফলত তেওঁ ১১ নং স্থানত সন্তুষ্ট থাকিবলগীয়া হয় আৰু ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হয়।ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টতো পঞ্চম স্থানত অন্ত পেলোৱা মনুৰ বাবে এইবাৰৰ এছিয়ান গেমছ অত্যন্ত হতাশাজনক প্ৰমাণিত হ’ল। দলীয় শাখাৰ কথা ক’বলৈ গ’লে, ৰাহী ছাৰনোবাটৰ হতাশাজনক প্ৰদৰ্শনে ভাৰতৰ পদক জয়ৰ সম্ভাৱনাত ব্যাপক ব্যাঘাত জন্মায়।

ছাৰনোবাটে চতুৰ্থবাৰ মাত্ৰ ৩৯ স্ক’ৰহে সংগ্ৰহ কৰে আৰু সৰ্বমুঠ ৫৬৮ স্ক’ৰেৰে ৩০ নং স্থানত শেষ কৰে। ইয়াৰ ফলত ভাৰতীয় দলটো পদকৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হয়।বৰ্তমান এছা সিঙে (স্ক’ৰ ৫৮০) ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ অন্তিম আশা হিচাপে নিজকে ধৰি ৰাখিছে।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us