অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ থকা বড়ো ভাষা সাহিত্যৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা সাংস্কৃতিক সংগঠক কমলা কান্ত মুছাহাৰীৰ স্বাস্থ্যৰ বুজ লয়।
বিয়লি চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসা সন্দৰ্ভত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুছাহাৰীৰ পৰিয়ালৰ লোকসকলৰে কথা বতৰা পাতে আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে।








