ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে চলি থকা ‘সেৱা সংকল্প অভিযান’ৰ লগত সংগতি ৰাখি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত মাজিৰগাওঁ গাওঁ পঞ্চায়তত , বিজেপিৰ বিমানকোঠ মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ ১৫ টা অংগনৱাড়ী কেন্দ্ৰত ৭ অক্টোবৰত ‘অংগন মিলন সেৱা’ শীৰ্ষক কাৰ্যসূচী পালন কৰা হয়।
কাৰ্যসূচীত ৰামছাৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞা, মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰুণিমা দাস আৰু সদস্য – সদস্যাসকল , বিজেপিৰ মহিলা মৰ্চাৰ একাংশ কৰ্মকৰ্তাই অংগনৱাড়ী কেন্দ্ৰ সমূহলৈ গৈ তাত শিশুক পৰিচৰ্যা কৰি অহা কেন্দ্ৰৰ কৰ্মী – সহায়িকাসকলক মাননী – মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়।
আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞাই জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল যি অংগনৱাড়ী কেন্দ্ৰত শিশুক পৰিচৰ্যা কৰি অহা কৰ্মী আৰু সহায়িকাসকলক উৎসাহিত কৰি তেওঁলোকে ভোগ কৰি অহা সমস্যাৰ বুজ লোৱা। একেদৰে শিশুসকলে চৰকাৰৰ পৰা প্ৰেৰণ কৰা পুষ্টিকৰ খাদ্যসমূহ ঠিকমতে পাইছে নে নাই তাৰো এক সমীক্ষা কৰা। কাৰ্যসূচীত কেন্দ্ৰৰ শিশুসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। কাৰ্যসূচীত কেন্দ্ৰসমূহৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু লোক উপস্থিত থাকে।








