এক দশক ধৰি খালী ভৰিৰে যাত্ৰা: শিশুৰ শিক্ষাৰ বাবে গুৱাহাটীত অজয় অ’লি
উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ সমাজ সংস্কাৰক অজয় অ’লি বিগত এক দশকতকৈও অধিক সময় ধৰি খালী ভৰিৰে খোজ কাঢ়ি শিশুৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পাই আহিছে। ৩৩ বছৰীয়া এই কৰ্মীজন শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত এক মাহজোৰা সজাগতা অভিযানৰ অংশ হিচাপে শিশু শ্ৰম আৰু শিশু ভিক্ষাবৃত্তিৰ বিৰুদ্ধে যুঁজত ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। ২০১৫ চনত অজয়...








