বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি
বহু প্ৰত্যাশিত ফুটবলৰ মহাৰণ ডুৰাণ্ড কাপক লৈ এতিয়া উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে উচ্ছ্বাস। অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়াৰ সৰ্বপ্ৰাচীন এই ফুটবল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি আয়োজক ৰাজ্যসমূহত ব্যস্ততা তুংগত থকাৰ সময়তে শনিবাৰে মেঘালয়ে উষ্ম আদৰণি জনালে প্ৰতিযোগিতাখনৰ তিনিটা ঐতিহ্যমণ্ডিত ট্ৰফীক। ট্ৰফীকেইটা শ্বিলঙত উপস্থিত হোৱাৰ লগে লগে মেঘালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ডুৰাণ্ড কাপৰ ট্ৰফী পৰিভ্ৰমণ কাৰ্যসূচী।...








